জম্মুৰ কঠুৱা জিলাত সংঘটিত হৈছে এক ভংয়কৰ গুলীচালনাৰ ঘটনা। চি আই এছ এফ জোৱানৰ মাজত হোৱা গুলীচালনাত মৃত্যু হয় চাৰিজন জোৱানৰ। ইয়াৰ ভিতৰত আছে এজন সহকাৰী কামাণ্ডেণ্ট আৰু এজন পৰিদৰ্শক।
বাসোলিৰ মাস্কা অঞ্চলৰ সেৱা শক্তি প্ৰকল্পৰ চি আই এছ এফৰ শিবিৰত সংঘটিত হয় এই ঘটনা। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
প্ৰাৰম্ভিক খবৰ অনুসৰি কোনো এটা বিষয়ক লৈ চি আই এছ এফৰ জোৱানৰ মাজত সৃষ্টি হয় বিবাদৰ। প্ৰাৰম্ভিক বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু এজন জোৱানে সতীৰ্থৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে। এই ঘটনাত চি আই এছ এফৰ চাৰিজন জোৱান (কনিষ্টবল ৰফিক আহমেদ, কনিষ্টবল সন্দীপ কুমাৰ, সহকাৰী কামাণ্ডেণ্ট অংকিত কুমাৰ পাণ্ডে, আৰু উপ-পৰিদৰ্শক লক্ষ্মণ সিং) নিহত হয়।


