প্ৰজ্ঞাৰ পোহৰ বিলোৱা শিক্ষকলৈ ডাঙৰ উপহাৰ, এতিয়াৰে পৰা নামৰ আগত লিখিব পাৰিব ‘Tr’

Published:

এতিয়াৰে পৰা চিকিৎসক তথা প্ৰফেচৰসমূহৰ দৰে শিক্ষকসকলেও নিজৰ নামৰ আগত উপাধি বা Prefix হিচাপে Teacherৰ সংক্ষিপ্ত ৰূপ Tr. বুলি লিখিব পাৰিব। পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কৰে এই ঘোষণা। তেওঁ কয় যে ৰাজ্যৰ শিক্ষকসকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মানৰ চিন স্বৰূপে নিজৰ নামৰ আগত ‘Tr.’ উপসৰ্গ ব্যৱহাৰ কৰিব পাৰিব।

এই উপসৰ্গটো চিকিৎসকৰ বাবে ‘Dr’, অভিযন্তাৰ বাবে ‘Er’ আৰু অধ্যাপকৰ বাবে ‘Prof’ আদি পেছাদাৰী উপাধিৰ সৈতে মিল আছে।

‘এজন শিক্ষকে দেশ গঢ়িবলৈ আগবাঢ়ি যোৱা প্ৰতিজন ব্যক্তিক গঢ়ি তোলে। কৰ্ণাটকৰ প্ৰায় ৪.৫ লাখ শিক্ষককে ধৰি ভাৰতৰ এক কোটিৰো অধিক শিক্ষকে প্ৰতিদিনে আমাৰ ল’ৰা-ছোৱালীৰ মন, চৰিত্ৰ আৰু ভৱিষ্যত গঢ় দি আছে’, সামাজিক মাধ্যম এক্সযোগে এই কথা লিখে মুখ্যমন্ত্ৰী শিৱকুমাৰে।

তেওঁ লগতে লিখিছে ‘কৰ্ণাটকৰ প্ৰায় ৪.৫ লাখ শিক্ষককে ধৰি ভাৰতৰ এক কোটিৰো অধিক শিক্ষকে প্ৰতিদিনে আমাৰ ল’ৰা-ছোৱালীৰ মন, চৰিত্ৰ আৰু ভৱিষ্যত গঢ় দিয়া কামত নিয়োজিত হৈ আছে।’

‘Tr’ উপসৰ্গ বা উপাধিটো শিক্ষকসকলে প্ৰকৃতাৰ্থত লাভ কৰা স্বীকৃতি বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে।

POPULAR

RECENT ARTICLES

spot_img