নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ঘোষণা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ

Published:

কংগ্ৰেছ দলৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ ২০২৮ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। এক দীঘলীয়া বাৰ্তাৰ জৰিয়তে কয় যে এতিয়া তেওঁৰ বয়স বহু হৈছে, আগৰ দৰে দেহৰ শক্তি নাই, সেয়ে তেওঁ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই।

সিদ্ধাৰামায়াই লিখিছে, ‘এতিয়া ৰাজনীতিৰ ক্ষেত্ৰখন সম্পূৰ্ণ দুৰ্নীতিগ্ৰস্ত হৈ পৰিছে। সেয়ে ২০২৮ চনৰ বিধানসভা নিৰ্বাচনত মই প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰো। অৱশ্যে ৰাজনীতিত সক্ৰিয় হৈ থাকি ৰাইজৰ সুখ, দুখ, সমস্যাৰ কণ্ঠস্বৰ হিচাপে কাম কৰি যাম। বৰুণা বিধানসভা সমষ্টিৰ ৰাইজে মোক পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ হেঁচা প্ৰয়োগ কৰিছে। কিন্তু মই সিদ্ধান্ত লৈছো যে মই ভৱিষ্যতে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো।’

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘মোৰ বয়স এতিয়া ৭৯ বছৰ। আমাৰ চৰকাৰৰ কাৰ্যকাল এতিয়াও ডেৰ বছৰ বাকী আছে। তেতিয়ালৈকে মোৰ বয়স ৮১-৮২ বছৰ হ’ব। মোৰ স্বাস্থ্যও আগৰ দৰে নহয়। একে শক্তি আৰু উৎসাহেৰে কাম কৰাটো আৰু সম্ভৱ নহয়। ২০২৮ চনৰ ভিতৰত মোৰ বয়স ৮২ বছৰ হ’ব, যাৰ জৰিয়তে মোৰ ৰাজনৈতিক জীৱনৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব।’

তেওঁৰ প্ৰাৰম্ভিক যাত্ৰা সন্দৰ্ভত কয়, ‘মই ১৯৭৮ চনত তালুক ব’ৰ্ডৰ সদস্য হিচাপে মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলো। পৰাজয় আৰু জয় দুয়োটাৰে অভিজ্ঞতা লাভ কৰিছো। কিন্তু মই সন্তুষ্ট যে মই কেতিয়াও মোৰ নীতিৰ বিৰুদ্ধে কাম কৰা নাই বা মোৰ বিবেকৰ লগত আপোচ কৰা নাই। এতিয়া এনেকুৱা সময় আহি পৰিছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টকা দিয়াৰ প্ৰয়োজন। ৰাজনীতি সম্পূৰ্ণ দুৰ্নীতিগ্ৰস্ত হৈ পৰিছে। সত্‍ ৰাজনীতিৰ বাবে যেন কোনো স্থান নাই। এই পটভূমিৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই ভৱিষ্যতে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছো।’

POPULAR

RECENT ARTICLES

spot_img