দেশ নিৰ্বাচন আয়োগ আৰু ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি অহা কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ। সামাজিক মাধ্যম এক্সযোগে এটা প’ষ্ট শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক পাঁচটা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে।
প’ষ্টটোত ৰিজিজুৱে লিখিছে, ‘মই কংগ্ৰেছ দলক এইকেইটা প্ৰাথমিক প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছো।’
প্ৰথমটো প্ৰশ্ন : যেতিয়া কংগ্ৰেছ চৰকাৰে নিৰ্বাচন আযুক্ত নিয়োগ কৰিছিল, তেন্তে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কিয় কংগ্ৰেছে মাত্ৰ ৪৪খন আসনতে সীমাবদ্ধ আছিল?
দ্বিতীয় প্ৰশ্ন : ২০২৪ চনত জ্ঞানেশ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত নাছিল, তেন্তে কংগ্ৰেছে কিয় একেৰাহে তৃতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছিল?
তৃতীয় প্ৰশ্ন : বৰ্তমানৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব নে আৰু ২০১৪ৰ পৰা ২০২৬ লৈকে চৰকাৰ গঠনৰ বাবে ক্ষমা খুজিবনে?
চতুৰ্থটো প্ৰশ্ন : ভোটাৰ তালিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী, মৃত, স্থানচ্যুত ব্যক্তি, বা ভুৱা নাম আঁতৰাব লাগে নে নালাগে?
পঞ্চম প্ৰশ্ন : ১৯৫২-৫৬, ১৯৫৮-৬১, ১৯৬৫-৬৬, ১৯৮৩-৮৪, ১৯৮৭-৮৮, ১৯৯৩, ১৯৯৫, আৰু ২০০২-২০০৪ চনত চলোৱা এছ আই আৰ অবৈধ আছিল নেকি?
তেওঁ প’ষ্টটোত আৰু উল্লেখ কৰিছে যে এটা পৰিয়ালৰ দলে বাহিৰা শক্তিৰ সৈতে মিলি সংবিধান আৰু ভাৰতীয় গণতন্ত্ৰক নিঃশেষ কৰাৰ চেষ্টা চলাই আছে।
উল্লেখ্য় যে, কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে শেহতীয়াকৈ মুখ্য নিৰ্বাচন আযুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে আগ্ৰাসী ৰূপত সাব্যস্ত কৰি আছে প্ৰতিবাদ। জ্ঞানেশ কুমাৰৰ নেতৃত্বত আৰম্ভ হোৱা SIRৰ জৰিয়তে লাখ-লাখ যোগ্য় ভোটাৰৰ নাম কৰ্তন কৰি বিজেপিক সহায় কৰাৰ অভিযোগ কৰি আহিছে বিৰোধী দলসমূহে।
বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি থকাৰ সময়তে কিৰেন ৰিজিজুৱে কংগ্ৰেছক উদ্দেশ্যি জনোৱা প্ৰত্যাহ্বানে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।


