নৰসংহাৰ ! পত্নীসহ একেলগে ৭ জনক কৰিলে হত্যা

Published:

কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে নৃশংস গণহত্যাৰ ঘটনা। এজন কেব ড্ৰাইভাৰে নিজৰ পত্নীসহ পত্নীৰ পৰিয়ালৰ মুঠ ৭ জন সদস্যক হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।অভিযুক্তজনৰ নাম ইন্দুশেখৰ ওৰফে শেখৰ (৫২/৫৩ বছৰ)। তেওঁ বেংগালুৰুৰ ৰাজাজিনগৰ অঞ্চলৰ বাসিন্দা, পেছাত কেব ড্ৰাইভাৰ। পত্নী সুনীতাৰ সৈতে প্ৰায় ২০ বছৰ ধৰি বিবাহিত জীৱন কটাইছিল। আৰক্ষীৰ মতে নিহত ৭ জনৰ ভিতৰত আছিল পত্নী সুনীতা,শাহুৱেক ৰূপাৱতী,খুলশালি শিৱকুমাৰ আৰু শংকৰ,খুলশালিৰ পত্নী দিব্যা আৰু নলিনী আৰু ৭ বছৰীয়া ভতিজা পুনীত। আৰক্ষীৰ প্ৰাথমিক তদন্ত মতে, প্ৰথমে তেওঁ পত্নী সুনীতাক ঘৰতে শিলৰ শিলপাটা ৰে মূৰত মাৰি হত্যা কৰে। তাৰ পিছত মদ খোৱাৰ চলেৰে খুলশালি দুজনক ঘৰলৈ মাতি আনি এজন এজনকৈ হত্যা কৰে। তাৰ পিছত তেওঁলোকৰ পত্নী, শাহুৱেক আৰু ৭ বছৰীয়া শিশুটোকো হত্যা কৰে বুলি অভিযোগ।
হত্যাৰ পিছত ঘৰৰ তেজৰ দাগ কেমিকেল দি চাফা কৰে আৰু মৃতদেহবোৰ নিজৰ গাড়ীৰে লৈ গৈ নন্দী হিলছ, চাৰমাডি ঘাট আদি বিভিন্ন ঠাইত পেলাই দিয়ে।খুলশালিৰ পত্নী নলিনীৰ মাতৃয়ে শ্ৰীৰামপুৰা থানাত জীয়েকৰ সন্ধানহীন হোৱা বুলি এজাহাৰ দিয়াৰ পিছতহে এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে শেখৰক সোধা-পোছা কৰোঁতে তেওঁ ৭ জনকে হত্যা কৰা বুলি স্বীকাৰ কৰে । কিন্তু বৰ্তমানৰলৈকে কেৱল ৭ বছৰীয়া পুনীতৰ মৃতদেহহে নন্দী হিলছৰ ওচৰত উদ্ধাৰ হৈছে। বাকী ৬ জনৰ মৃতদেহৰ সন্ধান চলি আছে। হত্যাত ব্যৱহৃত শিলপাটা আৰু গাড়ীখন জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত অভিযুক্ত শেখৰৰ অভিযোগ অনুসৰি হত্যাৰ কাৰণ আছিল , প্ৰায় ২০ বছৰ ধৰি পত্নী আৰু তেওঁৰ পৰিয়ালে তেওঁক মানসিকভাৱে অত্যাচাৰ কৰি আছিল। পত্নীৰ পৰিয়ালে সদায় তেওঁলোকৰ দাম্পত্য জীৱনত হস্তক্ষেপ কৰিছিল। সেই ক্ষোভৰ পৰাই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি তেওঁ কৈছে। আনহাতে কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গেই কৈছে, এইয়া হঠাতে হোৱা হত্যা নহয়, পূৰ্ব পৰিকল্পিত হত্যা। আৰক্ষীয়ে ৩ জনীয়া বিশেষ দল গঠন কৰি বৰ্তমানো অব্যাহত ৰাখিছে তদন্ত ।

POPULAR

RECENT ARTICLES

spot_img