নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন; ৮ জন লোকৰ মৃত্যু, ধ্বংস কেইবাটাও বাসগৃহ

Published:

বিগত কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নাগালেণ্ডৰ মন জিলাৰ ডিফেন্স কলনীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও বাসগৃহ ধ্বংসস্তূপত পৰিণত হয়।

ভূমিস্খলনৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত SDRF, অসম ৰাইফলছ আৰু আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। এই পৰ্যন্ত চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ভূমিস্খলনত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে।

ইফালে ঘটনাস্থলীলৈ NDRF আৰু ভাৰতীয় সেনাৰ দলো মন জিলালৈ ৰাওনা হোৱাৰ খবৰ আহিছে। ঘটনাৰ পিছতে স্থানীয় লোক, আৰক্ষী, সেনা জোৱানৰ লগতে SDRFৰ দলে এতিয়াও অঞ্চলটোত উদ্ধাৰ অভিযান চলাই আছে।

প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে স্থানীয় লোকসকলক বিপদজনক ঠাইৰ পৰা আঁতৰি থকাৰ সতৰ্কবাণী জাৰি কৰিছে।

POPULAR

RECENT ARTICLES

spot_img