চলিত ফুটবল বিশ্বকাপৰ পৰা অপ্ৰত্যাশিতভাৱে পৰ্তুগাল বাহিৰ হোৱাৰ পিছতে ফুটবলৰ মহানায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বাবে সামাজিক মাধ্যমত আবেগিক প’ষ্ট কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছিৰাজে।
মঙলবাৰে আমেৰিকাৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাউণ্ড অফ ছিক্সটিনৰ এখন ৰোমান্সকৰ মেচত স্পেইনৰ বিৰুদ্ধে ১-০ গলৰ ব্যৱধানত পৰাস্ত হৈ চলিত বিশ্বকাপৰ পৰা বিদায় লয় পৰ্তুগালে। পৰ্তুগালৰ অপ্ৰত্যাশিত বিদায়ৰ লগে লগে বিশ্বকাপৰ ট্ৰফী জিনাৰ সপোন ভংগ হয় দুভৰিৰ যাদুকৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ।
ৰোনাল্ডোৰ সপোনে পূৰ্ণতা নোপোৱাত বিশ্বৰ কোটি-কোটি অনুৰাগী হৈ পৰিছে আবেগিক। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজ। ৰোনাল্ডোৰ অন্যতম ডাঙৰ অনুৰাগী হিচাপে পৰিচিত ছিৰাজে ছ’চিয়েল মিডিয়াত লিখিছে, ‘এখন মেচে কেতিয়াও কোনো খেলুৱৈৰ মহানতা নিৰ্ণয় নকৰে। আপুনি কোটি কোটি লোকক সপোন দেখিবলৈ শিকাইছে আৰু আপোনাৰ মহানতা সদায় অমৰ হৈ থাকিব।’
ছিৰাজে লগতে লিখিছে, ‘ৰোনাল্ডো কেৱল এগৰাকী খেলুৱৈ নহয়, তেওঁ পৰিশ্ৰম, অনুশাসন আৰু হাৰ মানিব নোখোজা মানসিকতাৰ প্ৰতীক। বিশ্বৰ কোটি কোটি অনুৰাগীৰ দৰে ময়ো সদায় এই আদৰ্শৰ সৈতে থাকিম।’
উল্লেখ্য যে, স্পেইনৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি বিশ্বকাপৰ অভিযান সামৰাত ৪১ বছৰীয়া তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱেও আবেগিক বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে তেওঁ নিজৰ দেশৰ হৈ সৰ্বশ্ৰেষ্ঠ উজাৰি দিছে আৰু নিজৰ কেৰিয়াৰক লৈ গৰ্বিত।
অৱশ্যে ২০২৬ চনৰ বিশ্বকাপেই তেওঁৰ কেৰিয়াৰৰ অন্তিমটো বিশ্বকাপ বুলি ইংগিত প্ৰদান কৰিছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ সন্দৰ্ভত পৰৱৰ্তী সময়তহে সিদ্ধান্ত গ্ৰহণ কৰিব।


