নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়াও সন্ধানহীন হৈ আছে ৩২০ গৰাকী ভাৰতীয় পৰ্যটক। এইসকল ভাৰতীয় পৰ্যটকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰা বুলি উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰালয়ে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই তথ্য প্ৰদান কৰি কয় যে চীনৰ তিব্বত ৰিজনত ৪০০ গৰাকী ভাৰতীয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা গৈছে আৰু তেওঁলোক এতিয়া সম্পূৰ্ণ সুৰক্ষিত।
মন্ত্ৰালয়ৰ তৰফৰ পৰা লগতে এই কথাও জনোৱা হৈছে যে বৈদেশিক মন্ত্ৰালয়ৰ কণ্ট্ৰোল ৰুম ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ আছে আৰু চীনস্থিত ভাৰতীয় দূতাবাসেও এই সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি আছে।
ৰণধীৰ জয়ছৱালে কয়, ‘প্ৰথমে ভাল খবৰটো হ’ল যে বানাক্ৰান্ত অঞ্চলৰ পৰা কালি কাঠমাণ্ডুত উপস্থিত হোৱা ২১ জন ভাৰতীয় নাগৰিক আজি দিল্লীত উপস্থিত হৈছে। এই ২১ জন ভাৰতীয় নাগৰিক তামিলনাডুৰ। কালি আমাৰ ৰাষ্ট্ৰদূতে কাঠমাণ্ডুত তেওঁলোকক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। এই ২১ জন ভাৰতীয় নাগৰিকৰ উপৰিও কালি আমি ত্ৰিশুলি ৱান জলবিদ্যুৎ প্ৰকল্পত কাম কৰা ৬৩ জন ভাৰতীয় নাগৰিকৰ তথ্য জনাইছিলো আৰু তেওঁলোককো উদ্ধাৰ কৰা হৈছে।’
তেওঁ লগতে কয়, ‘এই ২১ আৰু ৬৩ জনৰ উপৰি আমি জানিব পাৰিছো যে চীন দিশত আবদ্ধ হৈ থকা ৯৬ জন ভাৰতীয় নাগৰিকে স্থলপথেৰে নিৰাপদে নেপালত উপস্থিত হৈছে। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। আমি যোগাযোগ কৰিব নোৱাৰা বা নিৰুদ্দেশ হোৱা লোকৰ সংখ্যাৰ কথা ক’বলৈ গ’লে বৰ্তমান এই সংখ্যা ৩২০। ইয়াৰ উপৰি ভাৰতীয় মূলৰ প্ৰায় ১০০ জন লোক আছে যিসকলৰ সৈতে কোনো সম্পৰ্ক কৰিব পৰা নাই। এইসকল ভাৰতীয় মূলৰ লোক হয়তো কৈলাশ মানস সৰোবৰ যাত্ৰাত গৈছিল, কিন্তু তেওঁলোকৰ আন দেশৰ নাগৰিকত্ব আছে।’
উল্লেখ্য যে, ২৬ আগষ্টৰ পুৱা চীন দেশৰ পৰা নামি অহা পানীৰ ঢলে ধ্বংসযজ্ঞ চলাই নেপালত। এই প্ৰলয়ংকাৰী বানত এই পৰ্যন্ত ৫৩৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছে হাজাৰৰো অধিক লোক।


