ৰুষ্ট প্ৰকৃতিৰ ৰোষত চুবুৰীয়া দেশ নেপাল। উত্তৰ নেপালৰ ৰছুৱাত হঠাতে অহা পানীৰ ঢলে দেশখনৰ কেইবাখনো জিলাত চলাইছে তাণ্ডৱ। পানীৰ প্ৰলয়ংকাৰী সোঁতত উটি গৈছে হাজাৰৰো অধিক লোক। বানত এই পৰ্যন্ত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে বহু লোক। সন্ধানহীন লোকৰ ভিতৰত আছে ৩০০ৰো অধিক পৰ্যটক। ইয়াৰে অধিকাংশই ভাৰতৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে আজি ৰাতিপুৱা প্ৰায় ৯ মান বজাত ভোটে কোশী নদীৰ বাঢ়নী পানীয়ে ধ্বংস যজ্ঞ চলাই হিমালয়ান দেশ নেপালত। হিমালয়ান টাইমছৰ প্ৰতিবেদন অনুসৰি চীন দেশৰ পৰা নামি আহিছিল এই প্ৰলয়ংকাৰী পানীৰ ঢল।

নেপাল সেনাই জনোৱা অনুসৰি, হঠাতে নামি অহা পানীৰ ঢলৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৰছুৱা জিলা। জিলাখনৰ ভিন্ন প্ৰান্তৰ বহু লোকৰ বাসগৃহ, গাড়ী তথা সম্পত্তি উটুৱাই লৈ যায় পানীয়ে। কেৱল এয়াই নহয় জলবিদ্যুৎ প্ৰকল্পৰো যথেষ্ট ক্ষতিসাধন হোৱাৰ কথা জানিব পৰা গৈছে।
কাঠমাণ্ডুৰ উত্তৰ-পূব আৰু তিব্বত সীমান্তৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰছুৱা জিলা। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰছুৱা, নুৱাকোট, ধাডিং, চিতৱান, আৰু গোৰ্খা নদীৰ পাৰত বাস কৰা লোকসকলক অত্যন্ত সজাগ হৈ থাকিবলৈ আৰু পৰৱৰ্তী জাননী নিদিয়ালৈকে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

সম্প্ৰতি চৰকাৰ তথা প্ৰশাসনে উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰাৰ বাবে ৰছুৱা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত নেপালী সেনা, সশস্ত্ৰ পুলিচ বল আৰু নেপাল আৰক্ষী মোতায়েন কৰা হৈছে। ইতিমধ্যে এই বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে এখন উচ্চস্তৰীয় বৈঠকৰো আহ্বান জনাইছে নেপাল চৰকাৰে।
ইফালে ত্ৰিশুলী নদীৰ সমীপৱৰ্তী অঞ্চলসমূহত উদ্ধাৰ অভিযান চলোৱাৰ বাবে নেপাল সেনাই দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰিছে। অৱশ্যে বান পৰিস্থিতি অধিক ভয়াৱহ হোৱা বাবে এই পৰ্যন্ত ক্ষয়-ক্ষতি তথা লোকচানৰ সঠিক তথ্য প্ৰকাশ কৰিব পৰা নাই নেপাল চৰকাৰে।


