বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক

Published:

বৰ্ষাকালীন অধিৱেশন চলি থকাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ। জানিব পৰা অনুসৰি এইবাৰৰ অধিৱেশনত উত্থাপন কৰা নহ’ব ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় বিধেয়ক। ইয়াৰ উপৰি এই বিধেয়ক সম্পৰ্কত গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ কাৰ্যকালো বৃদ্ধি কৰা বুলি খবৰ প্ৰকাশ পাইছে। অৰ্থাত সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনটোত জেপিচিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।

জেপিচিৰ কাৰ্যকাল বৃদ্ধিৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে চলিত অধিৱেশনৰ সময়ত সমিতিয়ে নিজৰ প্ৰতিবেদন দাখিল নকৰে। গতিকে শীতকালীন অধিবেশনত প্ৰতিবেদন দাখিল কৰাৰ পিছতহে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে ২০২৬ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদে (EAC-PM) এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াত উল্লেখ কৰা হৈছে যে একেলগে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে চৰকাৰী ধন ৰেহাই হোৱাই নহয় প্ৰশাসনিক সুবিধাও বৃদ্ধি পাব। এই প্ৰতিবেদনৰ পিছত আশা কৰা হৈছিল যে পৰৱৰ্তী অধিবেশনত চৰকাৰে এই বিধেয়কখন সদনত উত্থাপন কৰিব।

POPULAR

RECENT ARTICLES

spot_img