‘এক দেশ, এক নিৰ্বাচন’, কেতিয়া কাৰ্যকৰী হ’ব প্ৰধানমন্ত্ৰী মোদীৰ স্বপ্নৰ এই প্ৰকল্পPolitics Published:May 21, 2026Reading time: 3 min.FacebookXPinterestWhatsApp One Nation One Election‘এক দেশ, এক নিৰ্বাচন’ কেতিয়া কাৰ্যকৰী হ’ব প্ৰধানমন্ত্ৰী মোদীৰ স্বপ্নৰ এই প্ৰকল্প পুনৰ চৰ্চালৈ আহিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স্বপ্নৰ প্ৰকল্প ‘এক দেশ, এক নিৰ্বাচন’ (One Nation One Election) পদ্ধতি। এই পদ্ধতি প্ৰৱৰ্তিত হ’লে দেশজুৰি একেলগে সম্পন্ন হ’ব লোকসভা, বিধানসভাকে ধৰি স্থানীয় নগৰ-নিকায় আৰু পঞ্চায়ত নিৰ্বাচন। ইয়াৰ ফলত ৰাজকোষত ৰাহি হ’ব প্ৰায় ৭ লাখ কোটি টকা! কেৱল সেয়াই নহয়, বৃদ্ধি পাব দেশৰ প্ৰশাসনিক কামকাজৰ গতিশীলতা।সমান্তৰালভাৱে দেশৰ জিডিপিও বাঢ়িব।জিডিপিৰ সাম্ভাব্য বৃদ্ধিৰ হাৰ হ’বগৈ আনুমানিক ১.৬ শতাংশ। প্ৰশাসনিক গতিশীলতা আৰু জিডিপি বৃদ্ধিৰ এই দাবী কৰিছে ‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতি(জেপিচি)য়ে। বুধবাৰে গান্ধীনগৰত এখন সংবাদমেলত জেপিচিৰ অধ্যক্ষ তথা লোকসভাৰ বিজেপি সাংসদ পি পি চৌধুৰীয়ে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱ্স্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাৱতীয় পৰ্যালোচনা আৰু প্ৰতিবেদন প্ৰস্তত কৰাৰ অৰ্থে ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত ৮ জনীয়া এখন সমিতি গঠন কৰি দিছিল। সেই সমিতিয়ে প্ৰায় ১৮৬ দিনীয়া আলোচনা আৰু পৰ্যালোচনাৰ অন্তত এখন বৃহদাকাৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। পৰৱৰ্তী সময়ত বিষয়টো এই প্ৰতিবেদন পৰ্যালোচনা কৰাৰ অৰ্থে জেপিচিলৈ প্ৰেৰণ কৰা হয়। প্ৰতিবেদনত কোৱা হৈছিল- দেশত একেলগে তিনিটা স্তৰত নিৰ্বাচন অনুষ্ঠিত হ’লে আৰ্থিক আৰু প্ৰশাসনিক দিশত দেশ বহু পৰিমাণে লাভান্বিত হ’ব। জেপিচিৰ অধ্যক্ষ চৌধুৰীয়ে লগতে কয়- সমিতিৰ পৰামৰ্শ অনুসৰি প্ৰথমে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একত্ৰে অনুষ্ঠিত হ’ব। ইয়াৰ পৰৱৰ্তী ১০০ দিনৰ ভিতৰত পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন সম্পূৰ্ণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক সম্প্ৰতি যুটীয়া সংসদীয় সমিতিৰ অধীনত আছে। সমিতিয়ে ইতিমধ্যে দেশৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত, প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ মতামত গ্ৰহণ কৰিছে।সমিতিৰ অধ্যক্ষ সাংসদ পি পি চৌধুৰীয়ে মত ব্যক্ত কৰি কয়- ২০৩৪ চনৰ পূৰ্বে ‘এক দেশ, এক নিৰ্বাচন’ নীতি ৰূপায়ণ কৰিব নোৱাৰিব। সমিতিয়ে সেই সময়সীমা সমুখত ৰাখিয়ে কৰ্তব্য সমাপনত গুৰুত্ব দিছে। উল্লেখ্য যে, ৩৯ জনীয়া জেপিচিত থকা ২৭ জন সদস্য লোকসভাৰ আৰু ১২ জন ৰাজ্যসভাৰ। সম্প্ৰতি জেপিচিয়ে সংবিধান(১২৯ সংশোধনী)বিধেয়ক, ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন(সংশোধনী)বিধেয়ক, ২০২৪ পৰীক্ষা কৰি আছে। আৰু সেই উদ্দেশ্যেই সমিতিৰ সদস্যসকল তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছিল।Tags:ModiOne Nation One ELectionPeoples' North EastPM IndiaFacebookXPinterestWhatsApp Ranjan Lal SarmaPOPULARগ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ জিনি ইতিহাস ৰচিলে চাইকেল মেকানিকৰ কন্যাই Breaking News August 1, 2026 CAAৰ পৰা কৃষক আন্দোলনলৈ… মোদী চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকাল আৰু প্ৰথমটো পদত্যাগ ৰাষ্ট্ৰীয় July 25, 2026 প্ৰতিবাদকাৰীৰ ওচৰত সেও মানি অৱশেষত পদত্যাগ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰাষ্ট্ৰীয় July 25, 2026 পৰীক্ষা সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা ৰাষ্ট্ৰীয় July 26, 2026 RECENT ARTICLESপৃথিৱী পৰ্যবেক্ষণৰ মিশ্যনৰে মহাকাশত ISRO ৰ EOS-05 ৰাষ্ট্ৰীয় September 4, 2026 কলেজত Reels বনাই বৰ্খাস্ত হ’ল বি এইচ কলেজৰ দুই ছাত্ৰ অসম September 4, 2026 ছেমিত প্ৰৱেশ হৰমনপ্ৰীত বাহিনীৰ; কাইলৈ চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ মুখামুখি হ’ব ভাৰত খেল September 4, 2026 ২০২৭ৰ বিশ্বকাপত দেখা পোৱা যাব নে ৰোহিত শৰ্মাক? পৰ্যালোচনা বৈঠকৰ পিছতে হ’ল সকলো স্পষ্ট ৰাষ্ট্ৰীয় September 3, 2026