ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ; সলনি হ’ব সামগ্ৰী সংগ্ৰহৰ নিয়ম

Published:

দেশৰ কোটি-কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰাৰ ব্যৱস্থা আৰু অধিক সহজ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে লৈছে এক বৃহত পদক্ষেপ। ৰেচন কাৰ্ডৰ গৰাকীয়ে এতিয়াৰে পৰা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দোকানখনৰ পৰা সামগ্ৰী সংগ্ৰহ নকৰিলেও হ’ব। অৰ্থাত প্ৰতিগৰাকী গ্ৰাহকে নিজৰ সুবিধা অনুযায়ী নিজৰ সমীপৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব।

এই পৰিৱৰ্তনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল আপুনি আৰু ৰেচন ল’বলৈ দীঘলীয়া শাৰী পাতিব নালাগে, মেচিনে আঙুলিৰ ছাপ নল’লে সম্পূৰ্ণ ৰেচন নোপোৱাৰ নিয়মৰ পৰা আৰু দোকানত সামগ্ৰী উপলব্ধ নোহোৱাৰ বাবে সম্পূৰ্ণ ৰেচন নাপাব পৰা আদি সমস্যাৰ সন্মুখীন হ’ব নালাগিব। এতিয়া আপোনাৰ প্ৰয়োজন অনুসৰি এখন দোকানৰ পৰা যদি চাউল আন এখন দোকানৰ পৰা আটা-চেনী আদি কিনিব পাৰিব। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই দিছে এই তথ্য।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই নিজৰ পদত উল্লেখ কৰে যে চৰকাৰে ৱান নেচন ৱান ৰেচন কাৰ্ড (অ’এনঅ’আৰচি) আঁচনিৰ অধীনত ৰেচন বিতৰণ সৰল কৰাৰ বাবে কাম কৰি আছে। এই আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ডধাৰীয়ে নিজৰ সুবিধা অনুসৰি বিভিন্ন স্থানৰ পৰা ৰেচনৰ বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব। দেশৰ যিকোনো প্ৰান্তৰ পৰা এই সুবিধা লাভ কৰিব পাৰিব হিতাধিকাৰীয়ে।

POPULAR

RECENT ARTICLES

spot_img