মৰ্মান্তিক! কুঁৱা খান্দিবলৈ যোৱা ৫ শ্ৰমিকৰ সৈতে শোকাৱহ ঘটনা; ২জনৰ মৃতদেহ উদ্ধাৰ

Published:

মধ্য প্ৰদেশৰ পান্না জিলাত এটা কুঁৱা খননৰ সময়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জিলাখনৰ বিহাৰপুৰৱাৰ নয়াপুৰৱাত হঠাত মাটি খহি পৰাৰ ফলত পাঁচগৰাকী শ্ৰমিক আৱদ্ধ হৈ পৰে। ইয়াৰে দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে এই পৰ্যন্ত আন ৩ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এই শোকাৱহ ঘটনাৰ পিছতে গাঁওখনত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে।

জানিব পৰা অনুসৰি বিন্নু অহিৰৱাৰ নামৰ এজন লোকৰ খেতিপথাৰত বিগত ১০ দিনৰ পৰা ৭ জন শ্ৰমিক কুঁৱা খননৰ কামত নিয়োজিত হৈ আছিল। কিন্তু মঙলবাৰে পুৱা প্ৰায় ১১ বজাত হঠাতে ওপৰৰ পৰা বৃহত পৰিমাণৰ মাটি খহি পৰে। ফলত কুঁৱাৰ ভিতৰত কাম কৰি থকা ৫ গৰাকী শ্ৰমিক আৱদ্ধ হৈ পৰে। অৱশ্যে ঘটনা সংঘটিত হোৱাৰ সময়ত দুজন শ্ৰমিক পানী খাবলৈ ওপৰলৈ অহা বাবে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

এই কৰুণ ঘটনাত মাটিৰ তলত পোত খোৱা শ্ৰমিক কেইজনক চুন্নু যাদৱ, ৰাজকুমাৰ যাদৱ, আশীষ যাদৱ আৰু চুনবাদ পাল বুলি চিনাক্ত কৰিছে। উদ্ধাৰকাৰী দলে ৰাজকুমাৰ যাদৱ আৰু চুনবাদ পালৰ মৃতদেহ উদ্ধাৰ কৰিছে। ইফালে বাকী কেইজন শ্ৰমিকক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ঘটনাস্থলীত আৰক্ষী, ৰাজহ বিভাগৰ লগতে গাঁৱৰ বহু লোক উপস্থিত আছে।

ইফালে এই ঘটনাৰ পিছতে স্থানীয় লোকে জানিব দিয়ে যে যিটো স্থানত কুঁৱা খননৰ কাম চলি আছিল সেই অংশৰ মাটি যথেষ্ট দুৰ্বল আৰু ঢিলা আছিল। এনে অঞ্চলত কাৰিকৰী অনুসন্ধান অবিহনে গভীৰ খনন কাৰ্য চলোৱাটো বিপদজনক বুলি গণ্য কৰা হয়। বিশেষজ্ঞসকলে কয় যে এই ধৰণৰ মাটি খন্দা সময়ত প্ৰথমে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব লাগে, অন্যথা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে।

POPULAR

RECENT ARTICLES

spot_img