কানপুৰত দুৰ্ঘটনাত পতিত বিমান; দুজনৰ মৃত্যু

Published:

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত অনুশীলনৰত এখন বিমান দুৰ্ঘটনাত পতিত হৈ দুজন লোকৰ মৃত্যু হয়। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে এই কথা নিশ্চিত কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে জানিব দিয়া মতে বিমানখনত আছিল ইনষ্ট্ৰাক্টৰ শচীন ভাটিয়া আৰু প্ৰশিক্ষণৰত পায়লট অভিষেক পূজাৰী। দুৰ্ঘটনাটোত মৃত্যু হোৱা শচীন গুজৰাট আৰু অভিষেক পূজাৰী কৰ্ণাটকৰ বাসিন্দা।

উল্লেখ্য যে, গৰ্গ এভিয়েশ্যন ট্ৰেইনিং চেণ্টাৰৰ পৰা ১১.৩০ বজাত টেক অফ কৰা (টেকনম এয়াৰক্ৰাফ্ট) ৪-ছীটাৰ ডুৱেল ইঞ্জিন বিমানখনে প্ৰায় ১১.৫০ মিনিটত দুৰ্ঘটনাত পতিত হয়। ঘটনাটো কানপুৰ অসামৰিক বিমানবন্দৰৰ পৰা প্ৰায় ৯.২৬ কিলোমিটাৰ নিলগৰ গংগা বৈৰাজত সংঘটিত হয়।

বিমান দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে DGCAৰ তিনিগৰাকী বিষয়াৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। AAIBকো ঘটনাৰ খবৰ দিয়া হৈছে আৰু দুৰ্ঘটনাৰ সবিশেষ তদন্ত AAIBয়ে কৰিব। কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলবাসীৰ মাজত এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়। লগে লগে স্থানীয় প্ৰশাসন আৰু নবাৱগঞ্জ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ইনষ্ট্ৰাক্টৰ আৰু প্ৰশিক্ষণৰত পায়লট দুজনক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰি তৎকালীনভাৱে হাস্পতালত ভৰ্তি কৰোৱায়। অৱশ্যে দুয়োজনকে মৃত ঘোষণা কৰে চিকিৎসকে।

POPULAR

RECENT ARTICLES

spot_img