পাক অধীকৃত জম্মু-কাশ্মীৰত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে চৰকাৰ বিৰোধী প্ৰতিবাদে

Published:

পাক অধীকৃত জম্মু-কাশ্মীৰত চলি থকা সাধাৰণ জনতাৰ প্ৰতিবাদে আজি ভৰি দিলে দশম দিনত। ঈদগাহ ময়দানত প্ৰায় ৬০-৭০ হাজাৰ লোক একত্ৰিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। ইয়াৰ সমান্তৰালকৈ চহৰৰ ভিতৰত হাজাৰ-হাজাৰ লোকে হাতে-হাতে পাক অধীকৃত জম্মু-কাশ্মীৰৰ পতাকা আৰু বগা পতাকা লৈ স্বাধীনতাৰ শ্লোগান দি কঁপাই তুলিছে ৰাজপথ।

প্ৰতিবাদকাৰী সাধাৰণ জনতাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক সন্ত্ৰাসবাদী আখ্যা দিয়াৰ লগতে পাক সেনা প্ৰধান আছিম মুনিৰক সন্ত্ৰাসবাদীৰ কৰ্ণেল জেনেৰেল নামেৰে অভিহিত কৰি ক্ষোভ উজাৰে ৰাজপথত।

উল্লেখ্য যে, যোৱা ৭ জুনত পাকিস্তানী সেনা আৰু ৰেঞ্জাৰ্ছসকলে চলোৱা গুলীচালনাত প্ৰাণ হেৰুৱাইছিল পাক অধীকৃত জম্মু-কাশ্মীৰৰ ৫৬গৰাকী সাধাৰণ নাগৰিকে। সেনাৰ এই বৰ্বৰ কাণ্ডৰ লগতে পাকিস্তানী চৰকাৰে বিগত চাৰিদিনৰ পৰা পাক অধীকৃত জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব দিয়া নাই খাদ্য সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহ। চৰকাৰৰ এই হঠকাৰী কাৰ্যত ক্ষোভিত হৈ অঞ্চলটোৰ সাধাৰণ জনতাই সেনা আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে প্ৰতিবাদ।

ইয়াৰ মাজতে বিগত সপ্তাহত পাকিস্তানী সেনাৰ হাতত মৃত্যু হোৱা যুৱক ফৈজান ৰাব্বানীৰ সোঁৱৰণত আজি আয়োজিত এক কাৰ্যসূচীত বহু লোক একত্ৰিত হৈ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্বাধীনতা বিচাৰি শ্লোগান দিয়ে।

সাধাৰণ লোকৰ উপৰি পাক অধীকৃত জম্মু-কাশ্মীৰৰ শিক্ষাৰ্থী আৰু শিক্ষক সমাজো ওলাই আহিছে চৰকাৰ বিৰোধী প্ৰতিবাদলৈ। ৯ জুনৰ পৰা অব্যাহত থকা প্ৰতিবাদে আজি ১০ দিন অতিক্ৰম কৰিলে। কিন্তু চৰকাৰ প্ৰশাসনে সাধাৰণ জনতাৰ দাবীৰ প্ৰতি কোনো সহাৰি নিদিয়াত প্ৰতিবাদে আগন্তুক দিনত আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

POPULAR

RECENT ARTICLES

spot_img