প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষা মন্ত্ৰীৰ দায়িত্ব

Published:

কেবিনেট মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষা মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। বৰ্তমানৰ মন্ত্ৰালয়ৰ উপৰিও অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰহ্লাদ যোশীক।

ভাৰতৰ সংবিধানৰ ৭৫ নং অনুচ্ছেদৰ দফা (২)ৰ অধীনত ধৰ্মেন্দ্ৰ প্ৰধানৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ, তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে। তদুপৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে কেবিনেট মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ বৰ্তমানৰ পৰ্টফলিঅ’ৰ উপৰিও শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

বৰ্তমান প্ৰহ্লাদ যোশীয়ে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত আছে। এতিয়া তেওঁক এই পৰ্টফলিঅ’ৰ উপৰিও শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে।

যন্তৰ মন্তৰত ককৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদৰ মাজতে শনিবাৰে বিয়লি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। প্ৰধানে জাতিৰ সেৱা কৰাটোৱেই তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰিছিল পত্ৰখনত।

POPULAR

RECENT ARTICLES

spot_img