আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাৰ নাম পঞ্জাৱৰ খচৰা ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে। এই কথা স্বয়ং চাদ্দাই নিশ্চিত কৰিছে। সাংসদগৰাকীয়ে অভিযোগ কৰিছে যে এয়া সাধাৰণ ক্লাৰিকেল ভুল নহয়, বৰঞ্চ ৰাজনৈতিক প্ৰতিশোধৰ দ্বাৰা প্ৰেৰিত এক কাৰ্য্য।
খচৰা তালিকাৰ পৰা নাম কৰ্তন হোৱাৰ পিছতে তেওঁ নিজৰ ছ’চিয়েল মিডিয়া এক্স হেণ্ডেলত এটা দীঘলীয়া পোষ্ট লিখি পঞ্জাৱৰ আপ নেতৃত্বাধীন চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে।
পঞ্জাৱ চৰকাৰক লক্ষ্য কৰি ৰাঘৱ চাদ্দাই কয় যে ভোটাৰ তালিকাৰ খচৰা কাৰো ব্যক্তিগত সম্পত্তি নহয়। চাদ্দা বৰ্তমান পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ, আৰু তেওঁৰ ভোটাৰ আইডি মোহলীত পঞ্জীয়ন হৈ আছে। ইয়াৰ পিছতো তেওঁৰ নাম খচৰা তালিকাত ‘স্থানান্তিৰত’ বুলি চিহ্নিত কৰা হৈছে। বিজেপি সাংসদগৰাকীয়ে ইয়াক ৰাজনৈতিক প্ৰতিশোধৰ কাৰ্য বুলি অভিহিত কৰিছে।
ৰাঘৱ চাদ্দাই নিজৰ পোষ্টত লিখিছে, ‘পঞ্জাৱৰ আপ চৰকাৰে এতিয়া নিজৰ প্ৰতিশোধৰ ৰাজনীতি খচৰা ভোটাৰ তালিকালৈ সম্প্ৰসাৰিত কৰিছে। মই পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ, আৰু মোৰ ভোটাৰ আইডি পঞ্জাৱৰ মোহলীত পঞ্জীয়ন হৈ আছে। ইয়াৰ পিছতো মোৰ নাম খচৰা ভোটাৰ তালিকাত ‘স্থানান্তৰিত’ হিচাপে দেখুওৱা হৈছে।’
তেওঁ লগতে উল্লেখ কৰে, ‘ভাল খবৰটো এয়াই যে এইটো কেৱল খচৰা ভোটাৰ তালিকাহে, চূড়ান্ত ভোটাৰ তালিকা নহয়। দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ সময়ত নাম সংশোধন কৰা হয়, আৰু এই প্ৰক্ৰিয়া বৰ্তমান চলি আছে। ২০২৬ চনৰ অক্টোবৰ মাহত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। ইতিমধ্য মই এছ আই আৰ গাইডলাইনৰ অধীনত প্ৰদান কৰা প্ৰতিকাৰসমূহ ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়াত আছো। এইটো কোনো সাধাৰণ ক্লাৰিকেল ভুল যেন নালাগে। এইটো স্পষ্টভাৱে ৰাজনৈতিক প্ৰতিশোধৰ উদ্দেশ্যে কৰা কাম।’


