ভাৰতীয় ঘৰুৱা ক্ৰিকেট অৰ্থাত ৰঞ্জী ট্ৰফী ২০২৬-২৭ ছিজনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰা ২৯ বছৰীয়া চিন্ময় সুতাৰে ৰচিলে আন এক বিৰল অভিলেখ। ৪০০ ৰানৰ ঐতিহাসিক ইনিংছ খেলাৰ পিছত চিন্ময়ে এইবাৰ খেলিলে আন এটা শতকীয় ইনিংছ। মিজোৰামৰ হৈ খেলা চিন্ময়ৰ এইটো আছিল ক্ৰমাগত দ্বিতীয়টো শতক।
গুজৰাটৰ নাডিয়াডত মেঘালয়ৰ বিৰুদ্ধে চলি থকা প্লেট গ্ৰুপৰ এখন মেচত চিন্ময়ে ১২টা চাৰিৰ সহায়ত ২১৫টা বলত ১২৫ ৰানৰ ইনিংছ খেলে। এই শতকীয় ইনিংছৰ সহায়ত তেওঁ নিজৰ প্ৰথম শ্ৰেণী ক্ৰিকেটৰ প্ৰথম চাৰিটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে।
১০০ বছৰৰো অধিক পুৰণি এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ উইল পন্সফোৰ্ডৰ নামত। পন্সফোৰ্ডে তেওঁৰ প্ৰথম চাৰিটা ইনিংছত সংগ্ৰহ কৰিছিল ৬১৬ ৰান। আনহাতে প্ৰথম শ্ৰেণী ক্ৰিকেটৰ প্ৰথম চাৰিটা ইনিংছত চিন্ময়ে সংগ্ৰহ কৰিছে ৬৫৯ ৰান।
উল্লেখ্য যে, মাত্ৰ কেইদিনমানৰ আগতে চিন্ময় সুতাৰে ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ অন্যতম স্মৰণীয় ইনিংছ খেলিছিল। নাগালেণ্ডৰ বিৰুদ্ধে খেলি তেওঁ অপৰাজিত ৪০০ ৰান সংগ্ৰহ কৰিছিল। ৫১৭টা বলত ৪৬টা চাৰি আৰু ৭টা ছয়েৰে সজাইছিল ইনিংছটো। ৰঞ্জি ট্ৰফীৰ ইতিহাসত এটা ইনিংছতে ৪০০ ৰান কৰা দ্বিতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছিল চিন্ময় সুতাৰ। ইয়াৰ পূৰ্বে ১৯৪৮ চনত পুনেৰ বিৰুদ্ধে অপৰাজিত ৪৪৩ ৰান সংগ্ৰহ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল মহাৰাষ্ট্ৰৰ বি বি নিম্বলকাৰে।
ইয়াৰ উপৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ইতিহাসত ৪০০ ৰান সংগ্ৰহ কৰা দশম বেটছমেন হিচাপে পৰিগণিত হয় সুতাৰ। এই তালিকাত আছে ব্রায়ান লাৰা, ডন ব্ৰেডমেন, পন্সফোৰ্ডৰ দৰে কিংবদন্তি ক্ৰিকেটাৰৰ নাম।
সম্প্ৰতি মিজোৰামৰ হৈ ৰঞ্জী ট্ৰফী খেলি থকা সুতাৰৰ এই যাত্ৰা যথেষ্ট আমোদজনক। এগৰাকী মুম্বাইৰ বেটছমেন হিচাপে সুতাৰে মহানগৰীৰ প্ৰতিযোগিতামূলক স্থানীয় ক্ৰিকেটত নিজৰ নাম উজলাইছিল। অৱশ্যে মুম্বাইৰ ৰেডবল ক্ৰিকেটত তেওঁ নিয়মীয়াকৈ সুযোগ পোৱা নাছিল। ইয়াৰ পিছতেই তেওঁ ২০২৬-২৭ ছিজনৰ পূৰ্বে মিজোৰামৰ হৈ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ঘৰুৱা ক্ৰিকেটত প্ৰতিষ্ঠা লাভৰ চেষ্টা চলাই থকা মিজোৰামে তেওঁক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলাৰ সুযোগ দিয়াৰ পিছতেই উজলি উঠিছে সুতাৰ। ছিজনৰ প্ৰথম তিনিখন মেচতেই নিজৰ প্ৰতিভাৰ উমান দি সুতাৰে গঢ়িব ধৰিছে এটাৰ পিছত আন এটা অভিলেখ। উল্লেখ্য যে সুতাৰে মুম্বাইৰ হৈ বিজয় হাজাৰে ট্ৰফীতো খেলিছিল।


