৩ বছৰৰ মূৰত পুনৰ ৰোহিত শৰ্মাক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব

Published:

আই পি এলৰ আগন্তুক ছিজন অৰ্থাত ২০২৭ৰ বাবে মুম্বাই ইণ্ডিয়ানছে ঘোষণা কৰিলে নতুন অধিনায়কৰ নাম। তিনি বছৰৰ মূৰত দলে পুনৰবাৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাক দায়িত্ব প্ৰদান কৰিছে।

উল্লেখ্য যে, আই পি এলৰ অন্যতম সফল অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বতে মুম্বাই ইণ্ডিয়ানছে ২০১৩, ২০১৫, ২০১৭, ২০১৯, আৰু ২০২০ চনত আই পি এলৰ খিতাপ দখল কৰিছিল।

৪০ বছৰীয়া ৰোহিতে ২০১৩ চনৰ পৰা ২০২৩ চনলৈ ১১টা ছিজন মুম্বাইৰ অধিনায়কত্ব কৰিছিল। তেওঁৰ নেতৃত্বত মুম্বাইয়ে ৫টা আই পি এল ট্ৰফী লাভ কৰিছিল। ২০১৩ চনত দলটোৱে চেম্পিয়নছ লীগ টি-২০ খিতাপো লাভ কৰিছিল।

উল্লেখ্য যে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিছিল। কিন্তু পাণ্ডিয়াৰ নেতৃত্বত দলে বিশেষ সফলতা লাভ নকৰাত এইবাৰ তেওঁক মুম্বাইৰ পৰা ৰিলিজ কৰি দিয়া হৈছিল। পাণ্ডিয়াৰ পঞ্জাৱ গমনৰ পিছৰে পৰা মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক কোন হ’ব তাক লৈ ক্ৰিকেট মহলত চলি আছিল চৰ্চা। কিন্তু অৱশেষত আজি ফ্ৰেঞ্চাইজিটোৱে ৰোহিত শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰি সেই চৰ্চাৰ অৱসান ঘটায়।

POPULAR

RECENT ARTICLES

spot_img