আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা ভাৰতীয় টেষ্ট দলত স্থান লাভ নকৰিলে জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবীয়ে। প্ৰতিভাৱান আকিবক আওকান কৰাৰ বাবে প্ৰাক্তন ভাৰতীয় অধিনায়ক দিলীপ ভেংচৰকাৰে অজিত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচন সমিতিক তীব্ৰ সমালোচনা কৰিছে।
২০২৫-২৬ বৰ্ষৰ ৰঞ্জী ছিজনত অসাধাৰণ প্ৰদৰ্শন কৰা নবীক নিৰ্বাচন সমিতিয়ে উপেক্ষা কৰা কাৰ্যত প্ৰাক্তন ভাৰতীয় বেগী বলাৰ ইৰফান পাঠান আৰু প্ৰাক্তন মুম্বাই দলৰ অধিনায়ক শিশিৰ হট্টনগাডীয়েও হতাশ হৈ পৰা পৰিলক্ষিত হৈছে।
২০২৫-২৬ ৰঞ্জী ছিজনত নবীয়ে ১০খন মেচত চমকপ্ৰদ ১২.৫৬ গড়ে ৬০টা উইকেট দখল কৰিছিল। ছিজনটোত তেওঁ আছিল সৰ্বাধিক উইকেট দখলকাৰী বলাৰ। জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খিতাপ দখল কৰাৰ ক্ষেত্ৰতো নবীৰ ভূমিকা আছিল উল্লেখনীয়। অসাধাৰণ প্ৰদৰ্শনৰ ফলতেই তেওঁ লাভ কৰিছিল ‘প্লেয়াৰ অৱ দ্যা টুৰ্ণামেণ্ট’।
টাইমছ অৱ ইণ্ডিয়াক দিয়া এটা সাক্ষাতকাৰত ভেংচৰকাৰে নিৰ্বাচন সমিতিৰ এই সিদ্ধান্ত আশ্বৰ্যকৰ আৰু অৰ্থহীন বুলি মন্তব্য কৰে। তেওঁ ক্ষোভেৰে কয়, ‘এয়া কেনেধৰণৰ নিৰ্বাচন? ই গ্ৰহণযোগ্য নহয় আৰু এক স্থূল অন্যায়।’ তেওঁ আৰু কয় যে আকিব নবীয়ে এই স্থানত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু আন যিকোনো খেলুৱৈৰ আগত দলত স্থান পোৱাৰ যোগ্য আছিল।
প্ৰাক্তন মুখ্য নিৰ্বাচক ভেংচৰকাৰে ঘৰুৱা ক্ৰিকেটৰ গুৰুত্বক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে যদি এই ধৰণৰ প্ৰদৰ্শনক আওকাণ কৰা হয় তেন্তে বিচিচিআইয়ে ঘৰুৱা ক্ৰিকেট একেবাৰে বন্ধ কৰি দিব লাগে। মন কৰিবলগীয়া যে নবীয়ে পূৰ্বৰ ৰঞ্জি ট্ৰফী ছিজনতো ১৩.২৭ গড়ে ৪৪টা উইকেট দখল কৰিছিল।
ভেংচৰকাৰৰ উপৰি ইৰফান পাঠান আৰু শিশিৰ হট্টনগাডীয়ে নিৰ্বাচন সমিতিক সমালোচনা কৰি ৰঞ্জী ট্ৰফীৰ প্ৰদৰ্শনক সন্মান কৰিব লাগে বুলি মন্তব্য কৰে।