এটাৰ পিছত আন এটা ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ছিৰিয়া ভ্ৰমণৰ সময়তে সংঘটিত এই বিস্ফোৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মেক্ৰনে ছিৰিয়াৰ ৰাষ্ট্ৰপতি আল চৰাক সাক্ষাতৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে লগে বিস্ফোৰণত কঁপি উঠে ৰাজধানী চহৰখন।
জানিব পৰা অনুসৰি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে বাহৰ পাতি থকা হোটেলখনৰ বাহিৰত সংঘটিত হয় এই বিস্ফোৰণ। ছিৰিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি ডামাস্কাছ চহৰত সংঘটিত হয় এই দুয়োটা বিস্ফোৰণ। বিস্ফোৰণৰ পিছতেই ধোঁৱাৰে আৱৰি ধৰে চহৰখনৰ আকাশ।
অৱশ্যে এই বিস্ফোৰণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি বিস্ফোৰণত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। অৱশ্যে আনুষ্ঠানিকভাৱে ছিৰিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা নাই এই তথ্য।
উল্লেখ্য যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে সোমবাৰে ছিৰিয়াত উপস্থিত হৈছিল। ছিৰিয়াত নতুন চৰকাৰ গঠনৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনত উপস্থিত হৈছিল ইউৰোপিয়ান দেশৰ শীৰ্ষ নেতা।
ইফালে বিশ্বৰ অন্যতম শক্তিশালী দেশ এখনৰ ৰাষ্ট্ৰপতিৰ ছিৰিয়া ভ্ৰমণৰ সময়তে সংঘটিত হোৱা এইধৰণৰ বিস্ফোৰণে নিৰাপত্তা দিশটোৰ ওপৰত যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে।


