ডিচেম্বৰত বাংলদেশলৈ উভতিব প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

Published:

ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ আশে পাশে নিজ দেশলৈ উভতি গৈ আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰিছে। নিউজ এজেন্সি ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি শ্বেখ হাছিনাৰ সৈতে তেওঁৰ দলৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই বাংলাদেশলৈ উভতি গৈ আত্মসমৰ্পণ কৰিব। ইয়াৰ পূৰ্বেও শ্বেখ হাছিনাই এটা ব্যক্তিগত টেলিভিছন চেনেলক দিয়া সাক্ষাতকাৰত ডিচেম্বৰ মাহত নিজ দেশলৈ উভতি যাব বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে, ডেৰ বছৰ পূৰ্বে বাংলাদেশত হোৱা ছাত্ৰ বিক্ষোভৰ পিছতে হাছিনা চৰকাৰৰ পতন হোৱাত প্ৰাণৰ মমতাত তেওঁ ভাৰতলৈ পলায়ন কৰিছিল। দেশ এৰি পলায়ন কৰাৰ পিছতেই হাছিনাক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰি তেওঁৰ দলটো নিষিদ্ধ কৰা হৈছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া নেতা শ্বেখ হাছিনাই কয় যে তেওঁ আৰু তেওঁৰ আৱামি লীগৰ সদস্যসকলে স্বেচ্ছাই দুবছৰ পূৰ্বে এৰি যোৱা দেশখনলৈ উভতি আহি আদালতত হাজিৰ হ’ব বিচাৰে।

৭৮ বছৰীয়া হাছিনাই টেলিফোনিক সাক্ষাৎকাৰত কয়, ‘মই উভতি গ’লে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, আনকি হত্যা কৰিব পাৰে… তথাপিও মই যাব লাগিব। মোৰ দলৰ নেতা-কৰ্মীসকলে তীব্ৰ দমনৰ সন্মুখীন হৈছে। যদি মৃত্যু আহিবলগীয়াই আছে, তেন্তে মই বিচাৰো যে ই মোৰ নিজৰ ভূমিত হওক, য’ত মোৰ পিতৃ-মাতৃক সমাধিস্থ কৰা হৈছে আৰু য’ত তেওঁলোকৰ তেজ বোৱাই দিয়া হৈছে।’

দুবছৰ ধৰি গৃহভূমিৰ পৰা আঁতৰি আছে শ্বেখ হাছিনা

কেইবাবাৰো প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত হাছিনাই প্ৰতিবাদৰ বাবে ২০২৪ চনত বাংলাদেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয়। প্ৰথমে চৰকাৰৰ পতন, তাৰ পিছত বিহা হৈছিল মৃত্যুদণ্ড। ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ যুদ্ধ অপৰাধ আদালতে ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহৰ বিৰুদ্ধে মাৰাত্মক দমনৰ নিৰ্দেশ দিয়াৰ বাবে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

POPULAR

RECENT ARTICLES

spot_img