মহিলা চিকিৎসকক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ শিৱসেনাৰ কাউন্সিলাৰ

Published:

মুম্বাইৰ কল্যাণ-দোম্বিভিলি নগৰ নিগমৰ হাস্পতালৰ মহিলা চিকিৎসক আৰু নাৰ্ছৰ সৈতে মাৰপিট কৰাৰ অভিযোগত শিৱসেনাৰ পাৰিষদ ৰমেশ মাত্ৰেক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। পাৰিষদগৰাকীক তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মহিলা চিকিৎসকক প্ৰহাৰ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। অৱশ্যে এই গুৰুতৰ অভিযোগ পোনচাটেই খণ্ডন কৰে ৰমেশ মাত্ৰেই।

পাৰিষদ মাত্ৰেই অভিযোগ উত্থাপন কৰি কৈছিল যে চিকিৎসকে ফোনত ব্যস্ত আছিল আৰু ৰোগীৰ কথা গুৰুত্ব দিয়া নাছিল। কিন্তু চিকিৎসকক আক্ৰমণ কৰা অভিযোগ নস্যাত কৰে। এটা ব্যক্তিগত সংবাদ মাধ্যমত দিয়া মন্তব্যত তেওঁ কৈছিল মই কোনো ভুল কৰা নাই। তেওঁ কয়, ‘হাস্পতালত মই মহিলা চিকিৎসকৰ ওপৰত হাত উঠোৱা নাছিলো।’

মাত্ৰেই লগতে আৰু কয়, ‘তেওঁলোকে আমাৰ কথা শুনা নাছিল। মই কেৱল তেওঁৰ কাণৰ পৰা ফোনটো আঁতৰাই দিছিলো। মই চৰ শোধোৱা নাছিলো। মোৰ ৰোগীক তেওঁলোকে গুৰুত্ব দিয়া নাছিল।’

উল্লেখ্য যে, ৰমেশ মাত্ৰে হৈছে শিৱসেনাৰ পৰা নিৰ্বাচিত এগৰাকী কাউন্সিলাৰ। কল্যাণ-দোম্বিভিলি অঞ্চলৰ এগৰাকী চিনাকী ৰাজনৈতিক নেতা। মাত্ৰেৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰৰ লগতে আন কেইবাটাও অপৰাধমূলক গোচৰ আছে।

POPULAR

RECENT ARTICLES

spot_img