উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ ৬ গৰাকী বিসম্বাদী সাংসদে আজি সাক্ষাত কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক। সাংসদ কেইগৰাকীয়ে লোকসভাৰ অধ্যক্ষ বিৰলাক সাক্ষাতৰ সময়ত প্ৰদান কৰে এখন পত্ৰ।
বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এই ৬ গৰাকী বিসম্বাদী সাংসদে উদ্ধৱ ঠাকৰে গোটৰ পৰা আঁতৰি আহি একনাথ সিন্দে বাহিনীৰ শিৱসেনাত বিলয় হোৱাৰ কথা উল্লেখ কৰিছে এই পত্ৰখনত। উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ একাংশ শীৰ্ষ নেতাই দলটোক কংগ্ৰেছৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়ে আমি দল ত্যাগ কৰিছো। লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰদান কৰা পত্ৰখনত এই কথা উল্লেখ আছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে খবৰ।
পত্ৰখনত লগতে এই কথাও উল্লেখ আছে যে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাই নিজৰ বিচাৰধাৰাৰ পৰা আঁতৰি আহিছে। সেয়ে আমি উদ্ধৱ ঠাকৰে গোটৰ পৰা আঁতৰি আহি সিন্দে গোটত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। লগতে লোকসভাত তেওঁলোকৰ আসনৰ স্থান সলনি কৰি সিন্দে গোটৰ সৈতে দিবলৈও অধ্যক্ষ ওম বিৰলাক অনুৰোধ জনায়।
উল্লেখ্য যে, উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ অধিকাংশ নেতা-কৰ্মীয়ে দলীয় কাম-কাজত অসন্তুষ্ট হৈ উদ্ধৱ গোটৰ পৰা আঁতৰি অহা কাৰ্যই দলটোক ভৱিষ্যতে আৰু সংকটৰ গৰাহলৈ ঠেলি দিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।


