নীট পৰীক্ষাৰ পূৰ্বে পুনৰ এজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ এই আত্মহত্যাৰ খবৰ আহিছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা। জানিব পৰা অনুসৰি ২২ বছৰীয়া ছাত্ৰগৰাকীয়ে কোঠাৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে।
মৃত্যুৰ পূৰ্বে ছাত্ৰগৰাকীয়ে এটা ডিডিঅ’ৰ জৰিয়তে কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ বৰ্ণনা কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছাত্ৰজনে দীৰ্ঘ সময়ৰ পৰাই নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। কেইবাবাৰো কৰা চেষ্টাৰ পিছতো সফলতা লাভ নকৰাত মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰগৰাকী। সেয়ে ছাত্ৰজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি ভিডিঅ’টোত উল্লেখ কৰে। অৱশ্যে তেওঁৰ এই সিদ্ধান্তৰ বাবে আন কোনো লোককে জগৰীয়া কৰা হোৱা নাই।
জানিব পৰা অনুসৰি, অইন দিনাৰ দৰে বৃহস্পতিবাৰেও নিশা ছাত্ৰজনে নিজৰ কোঠাত অধ্যয়নত ব্যস্ত আছিল। কিন্তু পুৱা বহু সময়লৈকে ছাত্ৰজনে তেওঁৰ কোঠাৰ দুৱাৰ নোখোলাত পৰিয়ালৰ লোকৰ মাজত সন্দেহৰ সৃষ্টি হয়। পিছত আত্মীয়ই দুৱাৰ খোলাত ছাত্ৰজনৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।
এই ঘটনাক লৈ শিক্ষাৰ্থী সমাজৰ লগতে উত্তৰ প্ৰদেশত গভীৰ শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে, প্ৰশ্নকাকত লীক হোৱাৰ বাবে বাতিল হোৱা নীট পৰীক্ষা পুনৰ ২২ জন (দেওবাৰ)ত অনুষ্ঠিত হ’ব। এইবাৰ সম্পূৰ্ণ সূচাৰুৰূপে তথা কোনো ধৰণৰ বিসংগতি নোহোৱাকৈয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সমগ্ৰ দেশত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ ৫৫১খন চহৰ আৰু বিদেশৰ ১৪ খন চহৰত দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৫.১৫ বজালৈ অনুষ্ঠিত হ’ব এই পৰীক্ষা। পৰীক্ষাত অংশ ল’ব ২২.৭৯ লাখৰো অধিক শিক্ষাৰ্থীয়ে।


