পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলৰ ওপৰত আক্ৰমণ; হাস্পতালত ভৰ্তি

Published:

পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আকালী দলৰ অধ্যক্ষ সুখবীৰ সিং বাদলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। মহাৰাষ্ট্ৰৰ নান্দেড়ত সংঘটিত এই আক্ৰমণত বাদলৰ লগতে তেওঁৰ সুৰক্ষাত নিয়োজিত এগৰাকী সুৰক্ষা কৰ্মী আহত হয়।

এই আক্ৰমণৰ ঘটনাৰ পিছতে সুখবীৰ সিং বাদলক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰাৰম্ভিক খবৰ অনুসৰি, এজন দুৰ্বৃত্তই সুখবীৰ সিং বাদলৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণত তেওঁ হাতত যথেষ্ট আঘাত পায়। অৱশ্যে তেওঁ সংকটমুক্ত বুলি চিকিৎসকে জানিব দিয়ে।

আক্ৰমণৰ পূৰ্বে সুখবীৰ সিং বাদলে পৰিয়ালৰ সৈতে টখ্ট শ্ৰী পাটনা ছাহিব ভ্ৰমণ কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে ঘটনাস্থলীত সংস্থাপিত চিচি টিভি ফুটেজ সংগ্ৰহ কৰি আক্ৰমণকাৰীক চিনাক্ত কৰাৰ কাম অব্যাহত ৰাখিছে।

সুখবীৰ সিং বাদলক এইদৰে আক্ৰমণ কৰা ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৪ ডিচেম্বৰত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সুখবীৰ সিং বাদলক আক্ৰমণ কৰা হৈছিল। আক্ৰমণকাৰীয়ে তেওঁক হত্যাৰ চেষ্টা কৰিছিল যদিও কথমপি ৰক্ষা পৰিছিল তেওঁৰ প্ৰাণ। সুখবীৰ ধৰ্মীয় প্ৰাৰ্থনা কৰি থকাৰ সময়তে সংঘটিত হৈছিল এই আক্ৰমণ।

আক্ৰমণৰ সময়ত এজন বন্দুকধাৰীয়ে গুলীচালনা কৰে, যিটো গুলী দেৱালত খুন্দা মাৰে। তেওঁ কোনো আঘাতপ্ৰাপ্ত হোৱা নাছিল। ততাতৈয়াকৈ সেই স্থানত উপস্থিত লোক আৰু নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

POPULAR

RECENT ARTICLES

spot_img