Homeমুখ্য পৃষ্ঠাSIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

'প্ৰক্ৰিয়াটোক অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰি'

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে নিৰ্বাচন আয়োগৰ SIR পৰিচালনাৰ কৰ্তৃত্ব আছে। এছ আই আৰ সন্দৰ্ভত দাখিল কৰা আৱেদন সম্পৰ্কীয় এটা গোচৰত উচ্চতম ন্যায়ালয়ে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (এছ আই আৰ) কৰাৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ কৰ্তৃত্বক সমৰ্থন কৰে।

মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে ৰায় দিয়ে যে কেৱল স্বাভাৱিক ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পৰা পৃথক হোৱাৰ বাবেই এছ আই আৰ প্ৰক্ৰিয়াটোক অবৈধ বুলি অভিহিত কৰিব নোৱাৰি।

আদালতে এছ আই আৰক বৈধ আৰু সাংবিধানিক প্ৰক্ৰিয়া বুলি ঘোষণা কৰে। আদালতে আৰু কয় যে, ‘এই প্ৰক্ৰিয়াটো আইনগতভাৱে শুদ্ধ।’ আদালতে ৰায় দিয়ে যে সমগ্ৰ প্ৰক্ৰিয়াটোক অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰি। যদি আপুনি সঠিক নথি-পত্ৰ প্ৰদান কৰিছে তেন্তে নিৰ্বাচন আয়োগে আপোনাক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে।

উচ্চতম ন্যায়ালয়ে লগতে কয় যে আয়োগে আইনী ক্ষমতাৰ উৰ্ধ্বত গৈ এই কাৰ্য কৰা বুলি ক’ব নোৱাৰি। উচ্চতম ন্যায়ালয়ে এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত নিৰ্বাচন আয়োগে গ্ৰহণ কৰা পদ্ধতিকো সমৰ্থন কৰে। আদালতে কয় যে এই সংশোধনী বৈধ আৰু সাংবিধানিক উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু এক ন্যায্য প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments