জম্মু-কাশ্মীৰৰ কুলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ছত্তীশগড়ৰ দুজনকৈ শ্ৰমিকক নৃশংসভাৱে হত্যা কৰে সন্ত্ৰাসবাদীয়ে। হত্যাৰ বলি হোৱা এজন শ্ৰমিকৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে আক্ৰমণকাৰীয়ে ধৰ্ম আৰু পৰিচয় সুধিহে গুলী চালনা কৰিছিল। ২০২৫ বৰ্ষৰ এপ্ৰিল মাহত সংঘটিত হোৱা আক্ৰমণক পুনৰ সজীৱ কৰি তুলিলে কুলবামৰ এই ঘটনাই।
এই আক্ৰমণত ছত্তীশগড়ৰ শক্তি জিলাৰ বুণ্ডেলী গাঁৱৰ বাসিন্দা দীপক ৰাত্ৰে নামৰ এজন শ্ৰমিকো আছে। শুকুৰবাৰে নিশা কুলগামৰ এটা ইটা ভাটাত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত মৃত্যু হৈছিল।
আনহাতে আনজন যুৱকক সাৰনগড়-বিলাইগড় জিলাৰ ২৮ বছৰীয়া ভূপেন্দ্ৰ ভইনা বুলি চিনাক্ত কৰা হৈছে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি দীপকৰ ককায়েক হলধৰ ৰাত্ৰেই দাবী কৰিছে যে আক্ৰমণকাৰীয়ে শ্ৰমিকসকলক তেওঁলোকৰ পৰিচয় সোধাৰ পিছতে গুলী নিক্ষেপ কৰিছিল।
তেওঁ অভিযোগ কৰে, ‘আমি শুনা মতে তেওঁৰ জাতি আৰু সম্প্ৰদায়ৰ কথা সুধি সন্ত্ৰাসবাদীয়ে তেওঁক গুলীয়াই হত্যা কৰিছিল। সন্ত্ৰাসবাদীৰ এই কাৰ্য্য চাওক, তেওঁলোকে এজন শ্ৰমিকক তেওঁৰ পৰিচয় আৰু ধৰ্মৰ কথা সোধাৰ পিছত গুলীয়াই হত্যা কৰিছিল।’ অৱশ্যে এনে কোনো দাবী নিশ্চিত কৰা নাই বিষয়াসকলে।
ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে শনিবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ ছত্তীশগড়ৰ দুজন শ্ৰমিকৰ হত্যাকাণ্ডক গৰিহণা দিয়ে। লগতে তেওঁ দাবী কৰে যে সন্ত্ৰাসবাদীয়ে শ্ৰমিকক লক্ষ্য কৰি লোৱাৰ পূৰ্বে চিনাক্ত কৰিছিল। এক্সযোগে শ্বেয়াৰ কৰা এটা প’ষ্টত খাৰ্গেই এই বক্তব্য দিছে।


