ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এ বি এমছু (ABMSU)ৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ঘটনাই শনিবাৰে লৈছে এক নতুন মোৰ। অৱশেষত ৰাজ্য জোকাৰি যোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰে জড়িত মূল তিনিজন অভিযুক্তই শনিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক হৈ থকা এই তিনি অভিযুক্ত ক্ৰমে ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম, ডিনকুৰ মুছাহাৰী ওৰফে দাও আৰু ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰেই আজি বিয়লি চান্দমাৰী থানাত আত্মসমৰ্পণ কৰে।
উল্লেখ্য যে, কোকৰাঝাৰৰ তিতাগুৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ২০১৭ চনৰ পহিলা আগষ্টত দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই এ বি এম ছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক গুলীৰে থকা সৰকা কৰি হত্যা কৰিছিল। উক্ত ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে হত্যাকাৰীক কৰায়ত্বৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
অৱশেষত ৰাজ্য চৰকাৰে প্ৰথমে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব এচ আই টি (SIT)ক অৰ্পন কৰিছিল যদিও পিছলৈ গোচৰটোৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰে ।
কোকৰাঝাৰ সদৰ থানাত ৰুজু হৈ থকা গোচৰ নং ৪৯২/২০১৭ ভিত্তিত চি বি আইয়ে হত্যাকাণ্ড সংঘটিত হোৱাৰ চাৰি বছৰ পিছত অৰ্থাত ২০২১ চনত হত্যাকাণ্ডত জড়িত তিনি মূল অভিযুক্তৰ নাম ঘোষণা কৰে। এই তিনিওজন হত্যাকাৰীৰ সন্ধান দিওতালৈ দুই লাখ টকাকৈ আৰ্থিক পুৰস্কাৰো ঘোষণা কৰিছিল তদন্তকাৰী সংস্থাটোৱে।
উল্লেখ্য যে, ABMSUৰ প্ৰাক্তন প্ৰয়াত সভাপতিগৰাকীৰ ন্যায় তথা হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীৰে সময়ে সময়ে তীব্ৰ প্ৰতিবাদ কৰি আহিছে ছাত্ৰ সংগঠনটোৱে। নিৰন্তৰ প্ৰতিবাদৰ পিছত অৱশেষত তিনি মূল অভিযুক্তৰ আত্মসমৰ্পণে এই সমগ্ৰ ঘটনাটোৰ ন্যায় সঠিক দিশত আগবাঢ়িব বুলি আশা প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে।


