২৭ নৱেম্বৰক বাল্য বিবাহ বিৰোধী দিৱস ঘোষণা ৰাষ্ট্ৰসংঘৰ

Published:

ভাৰতৰ গ্ৰাম্য অঞ্চলত জন্ম হোৱা এটা আন্দোলন এতিয়া বিশ্বব্যাপী অভিযানত পৰিণত হৈছে। বাল্য বিবাহৰ অন্ত পেলোৱাৰ বাবে ভাৰতে লোৱা সংকল্পই এতিয়া দৃষ্টি কাঢ়িছে সমগ্ৰ বিশ্বৰ। ২৭ নৱেম্বৰক আন্তৰ্জাতিক বাল্য বিবাহ বিৰোধী দিৱস হিচাপে ঘোষণা কৰি ভাৰতৰ এই অভিযানত অনুমোদন জনাইছে ৰাষ্ট্ৰসংঘই।

শিশু অধিকাৰ কৰ্মী তথা জাষ্ট ৰাইটছ ফৰ চিলড্ৰেনৰ প্ৰতিষ্ঠাপক ভুৱন ৰিভুৱে বাল্য বিবাহৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ বাবে এটা দিন নিৰ্ধাৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘক প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ এই প্ৰস্তাৱে লাভ কৰিলে পূৰ্ণতা। ৰাষ্ট্ৰসংঘই ২৭ নৱেম্বৰক ‘শিশু, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ হিচাপে ঘোষণা কৰিছে।

পশ্চিম আফ্ৰিকাৰ দেশ ছিয়েৰা লিয়নে ৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সন্মুখত এই প্ৰস্তাৱ দাখিল কৰিছিল, আৰু এতিয়া ইয়াক অনুমোদন জনোৱা হৈছে।

২০২৪ চনৰ ২৭ নৱেম্বৰত ভাৰতে আৰম্ভ কৰিছিল ‘বাল্য বিবাহ মুক্ত ভাৰত’ অভিযান। এই অভিযান আৰম্ভ কৰা দিনটোকেই এতিয়া ৰাষ্ট্ৰসংঘই বাল্য বিবাহ বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছে।

উল্লেখ্য যে, ভাৰত আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ কন্যা শিশুৰ বাবে এই দিৱসৰ গভীৰ তাৎপৰ্য আছে। ৰাষ্ট্ৰসংঘৰ এই পদক্ষেপ শিশু অধিকাৰ কৰ্মী ভুৱন ৰিভুৰ বছৰ বছৰ ধৰি কৰা প্ৰচেষ্টাৰ ফচল বুলি গণ্য কৰা হৈছে। বাল্য বিবাহ ৰোধৰ বাবে ভাৰতৰ গাঁৱৰ পৰা আৰম্ভ কৰা এই অভিযানে অৱশেষত ৰাষ্ট্ৰসংঘৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ইফালে ৰাষ্ট্ৰ সংঘৰ এই ঘোষণাৰ পিছতে সামাজিক মাধ্যমত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ফেচবুক প’ষ্টত লিখিছে, ‘আজি ৰাষ্ট্ৰসংঘয়ো সেই কথাই স্বীকাৰ কৰিছে, যি কথা আমি অসমত আমাৰ বিগত কাৰ্যকালৰ পৰাই দৃঢ়তাৰে কৈ আহিছো— বাল্য বিবাহ হওক বা জোৰ-জবৰদস্তিৰে কৰোৱা বিবাহ, আমাৰ সমাজত এনে অপৰাধৰ কোনো স্থান নাই। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ দাবী। ২৭ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰসংঘই আন্ত:ৰাষ্ট্রীয় বাল্য, সময়পূর্ব আৰু বলপূর্বক বিবাহ বর্জন দিৱস (International Day for the Elimination of Child, Early and Forced Marriage) হিচাপে ঘোষণাই এই সামাজিক ব্যাধিৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজখনক আৰু অধিক শক্তিশালী কৰি তুলিছে।’

POPULAR

RECENT ARTICLES

spot_img