হিমাচল প্ৰদেশৰ চাম্বাৰ পৰা আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই চালুজ টাৰ্ণৰ সমীপৰ দ খাৱৈতে বাগৰি পৰাৰ ফলত ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বাছখন বৈৰাগড়ৰ পৰা চাম্বা অভিমুখে আহি আছিল। ঘটনাস্থলীত আৰক্ষী প্ৰশাসন উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে।
শনিবাৰে পুৱা চাম্বাৰ তীছা-বৈৰাগড় মূল পথত সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। স্থানীয় ৰাইজৰ মতে, এই দুৰ্ঘটনাত বাছখনৰ চালক, কণ্ডাক্টৰসহ ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪ জন আহত হোৱাৰ খবৰ পোৱা গৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলত স্থানীয় ৰাইজ আৰু আৰক্ষী প্ৰশাসন উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে তীছা হাস্পতালত। অৱশ্যে মৃতকৰ আৰু আহত লোকসকলৰ তথ্য এই পৰ্যন্ত ৰাজহুৱা কৰা নাই। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভনা ব্যক্ত কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা সময়ত বাছখনত আছিল ২০ গৰাকী যাত্ৰী। কি কাৰণত এই দুৰ্ঘটনাটো সংঘটিত হ’ল সেই তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই।


