অশান্ত জৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এইবাৰ ৰাজ্যখনৰ উখৰুল জিলাত সন্ত্ৰাসবাদীয়ে আছাম ৰাইফলছৰ জোৱানক লক্ষ্য কৰি সংঘটিত কৰে আক্ৰমণ। এই ঘটনাত দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। আনহাতে এই আক্ৰমণত আহত হৈছে আন কেইবাজনো জোৱান।
এই ঘটনাৰ পিছতে অঞ্চলটোত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। বৃহত সংখ্যক নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীক চিনাক্ত তথা কৰায়ত্ত কৰিবলৈ আৰম্ভ কৰিছে অভিযান। ইতিমধ্যে ছীল কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলটো।
এই নৃশংস আক্ৰমণত শ্বহীদ হোৱা জোৱান দুজনক ৱাৰেণ্ট অফিচাৰ বলৱন্ত সিং আৰু ৰাইফলমেন চিএম সিং বুলি চিনাক্ত কৰা হৈছে।
নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি, আছাম ৰাইফলছৰ কনভয়টো গৈ থকা সময়তে চাংচাকৰ সমীপৰ নুংচাং গাঁৱৰ ওচৰতে এই আক্ৰমণটো সংঘটিত হয়। আছাম ৰাইফলছৰ কনভয়টোৱে গৈ থকা পথটোত উগ্ৰপন্থীয়ে তিনিটাকৈ আই ই ডি সংস্থাপন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তাৰক্ষীয়ে।
দুটাকৈ আই ই ডি বিস্ফোৰিত হোৱাৰ সমান্তৰালকৈ অজ্ঞাত স্থানৰ পৰা উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষী দলটোলৈ চলাইছিল নিৰ্বিচাৰ গুলী। আছাম ৰাইফলছৰ তৰফৰ পৰাও প্ৰত্যুত্তৰ দিয়া হৈছিল যদিও গোপন স্থানৰ পৰা এই আক্ৰমণ সংঘটিত কৰা বাবে নিৰাপদে পলাই যাবলৈ সক্ষম হয় উগ্ৰপন্থীৰ দলটো। পিছত নিৰাপত্তাৰক্ষীৰ দলে আন এটা স্থানৰ পৰা উদ্ধাৰ কৰে সক্ৰিয় আই ই ডি।
ইতিমধ্যে সন্ত্ৰাসবাদীৰ এই আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা জনাই ৰাজ্যখনৰ ৰাজ্যপালে। ৰাজ্যপাল ভৱনৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰে যে আজি উখৰুল জিলাত সংঘটিত হোৱা আক্ৰমণত অসম ৰাইফলছৰ দুগৰাকী সাহসী জোৱানৰ দুখজনক মৃত্যুৱে অন্তৰত বহুত দুখ প্ৰদান কৰিছে। আমাৰ সমাজত এইধৰণৰ আক্ৰমণৰ কোনো স্থান নাই।


