চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, পান মচলা

Published:

আগন্তুক এবছৰৰ বাবে উত্তৰাখণ্ডত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল গুটখা, পান মচলা আৰু ধঁপাতজাতীয় সামগ্ৰী। আজি ৰাজ্য চৰকাৰে এক জাননীৰ জৰিয়তে জানিব দিয়ে এই তথ্য। চৰকাৰে জাৰি কৰা নিৰ্দেশনাত স্পষ্টকে উল্লেখ কৰিছে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাজ্যখনত এইধৰণৰ কোনো হানিকাৰক সামগ্ৰীৰ উৎপাদন, মজুতকৰণ, বিতৰণ আৰু বিক্ৰী কৰিব নোৱাৰিব।

আজি উত্তৰাখণ্ড চৰকাৰে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুটখা আৰু পান মচলাত নিষেধাজ্ঞা আৰোপ কৰাটো অত্যন্ত প্ৰয়োজনীয় পদক্ষেপ।

চৰকাৰে লগতে কয় যে খাদ্য সুৰক্ষা আৰু মানদণ্ড (বিক্ৰীৰ ওপৰত নিযেধাজ্ঞা আৰু নিয়ন্ত্ৰণ) নিয়মাৱলী ২০১১ৰ অধীনত গুটখা, পান মচলা বা ধঁপাত আৰু নিকোটিনযুক্ত অন্যান্য খাদ্য সামগ্ৰী, যি নামেৰে বজাৰত উপলব্ধ নহওক কিয়, আজিৰ পৰা এবছৰৰ বাবে নিষিদ্ধ কৰা হৈছে।

POPULAR

RECENT ARTICLES

spot_img