বৈভৱ সূৰ্যবংশীয়ে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ দীৰ্ঘদিনীয়া অভিলেখ

Published:

শনিবাৰে বিহাৰৰ ১৫ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় ক্ৰিকেট ইতিহাসত লিপিবদ্ধ কৰিলে এক নতুন অধ্যায়। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় সূৰ্যবংশী। বৃহস্পতিবাৰে হাৰাৰে স্প’ৰ্টছ ক্লাবত জিম্বাবুৱেৰ বিৰুদ্ধে ১৫ বছৰ ১১৮ দিন বয়সত তেওঁ এই কৃতিত্ব অৰ্জন কৰে।

বৈভৱে চাৰিটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ১৯ বলত ৫০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। এই ইনিংছটোৰ জৰিয়তে তেওঁ ভংগ কৰে জিব্ৰাল্টাৰৰ বেটছমেন লুই ব্ৰুচৰ অভিলেখ। লুই ব্ৰুছে ২০২১ চনত মাল্টাৰ বিৰুদ্ধে ১৬ বছৰ ৫৬ দিন বয়সত অৰ্ধশতক অৰ্জন কৰিছিল।

আনহাতে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ৫০ বা তাতোকৈ অধিক ৰান সংগ্ৰহ কৰি কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছে বৈভৱে। ১৬ বছৰ ২১৩ দিন বয়সত শচীনে প্ৰথমটো অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে বৈভৱে মাত্ৰ ১৫ বছৰ ১১৮ দিনত এই কৃতিত্ব অৰ্জন কৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ

১৫ বছৰ ১১৮ দিন – বৈভৱ সূৰ্য্যবংশী বনাম জিম্বাবুৱে, ২০২৬ (টি-২০)
১৬ বছৰ ২১৩ দিন – শচীন তেণ্ডুলকাৰ বনাম পাকিস্তান, ফৈছালাবাদ, ১৯৮৯ (টেষ্ট)
১৬ বছৰ ২১৪ দিন – শ্বাহিদ আফ্ৰিদি (পাক) বনাম শ্ৰীলংকা, নাইৰোবি, ১৯৯৬ (এদিনীয়া)
১৭ বছৰ ৩৯ দিন – মুস্তাক মহম্মদ (পাক) বনাম ভাৰত, কলকাতা, ১৯৬০ (টেষ্ট)
১৭ বছৰ ৬৩ দিন – মহম্মদ আশ্ৰাফুল বনাম শ্ৰীলংকা, কলম্বো ২০০১ (টেষ্ট)

POPULAR

RECENT ARTICLES

spot_img