২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ত সংসদত উত্থাপন কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱাত অপমান বা বাধা দিয়াটো শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা বিধেয়ককে ধৰি কেইবাখনো বিধেয়ক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰিব এই বিধেয়কখন।
বিধেয়কখনত উল্লেখ কৰা হৈছে যে বন্দে মাতৰমক অপমান কৰা ব্যক্তিয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ জাতীয় সংগীত ‘জন গণ মন’ক যিধৰণৰ সন্মান দিয়া হয়, সেই সন্মান বন্দে মাতৰমকো দিয়া হ’ব।
বন্দে মাতৰম গোৱাত বাধা বা অপমান কৰাসকলৰ বিৰুদ্ধে কি হ’ব শাস্তি?
এই বিধেয়ক অনুসৰি যিকোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে জাতীয় সংগীত বা ৰাষ্ট্ৰীয় গীত গোৱাত বাধা বা ব্যাঘাত জন্মালে বা সমাৱেশত গোৱাৰ সময়ত হুলস্থুলৰ সৃষ্টি কৰিলে তিনি বছৰলৈকে কাৰাদণ্ডৰ শাস্তি হ’ব। শেহতীয়াকৈ এই বিধেয়কখন কেবিনেটে গৃহীত কৰে। ইয়াক প্ৰথমে ৰাজ্যসভাত প্ৰৱৰ্তন কৰা হ’ব। ইয়াৰ পূৰ্বেও মোদী চৰকাৰে সকলো চৰকাৰী অনুষ্ঠানতে বন্দে মাতৰমৰ গায়ন-বায়ন বাধ্যতামূলক কৰিছিল।
লোকসভা সচিবালয়ৰ বুলেটিন অনুসৰি ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক, ২০২৬ প্ৰৱৰ্তন, বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে। এই বিধেয়কত ৰাষ্ট্ৰীয় সন্মান প্ৰতিৰোধ আইন, ১৯৭১ৰ সংশোধনীৰ ব্যৱস্থা আছে। সূত্ৰ অনুসৰি এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱাত অপমান বা বাধা দিয়াটো চৰকাৰে শাস্তিযোগ্য অপৰাধ হিচাপে গঢ়ি তোলাৰ মনস্থ কৰিছে।


