অব্যাহত থাকিব এই যুঁজ… বৃজভূষণক ৰেহাই দিয়াৰ পিছতেই হুংকাৰ মল্লযুঁজাৰু ফোগাটৰ

Published:

মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা গোচৰত বৃহত সকাহ লাভ কৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ বৃজভূষণ শৰণ সিঙে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে প্ৰমাণৰ অভাৱত বৃজভূষণক দোষমুক্ত ঘোষণা কৰে।

প্ৰাক্তন সাংসদগৰাকীয়ে আদালতৰ এই ৰায়ক ডাঙৰ জয় বুলি আখ্যা দিয়াৰ বিপৰীতে মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটে এই সিদ্ধান্তৰ বাবে চৰকাৰ আৰু প্ৰশাসন যন্ত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰে। খেলুৱৈগৰাকীয়ে লগতে এই যুঁজ অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, ৬গৰাকী মহিলা মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ বৃজভূষণ শৰণ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। গোচৰকাৰীৰ ভিতৰত আছিল বিনেশ ফোগাটো।

মহিলা মল্লযুঁজাৰুৱে উত্থাপন কৰা গুৰুতৰ অভিযোগ দিল্লীৰ ৰাউজ এভিনিউ আদালতে সঠিক প্ৰমাণৰ অভাৱত প্ৰাক্তন সাংসদগৰাকীক ৰেহাই দিয়াত মুখথেকেচা খালে মল্লযুঁজাৰুসকল। কিন্তু আদালতৰ এই সিদ্ধান্তৰ পিছতেই অলিম্পিয়ান বিনেশ ফোগাটে স্পষ্ট কৰি দিয়ে যে মহিলা মল্লযুঁজাৰসকলে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব।

বৃজভূষণক ৰেহাই দিয়াৰ পিছতেই বিনেশ ফোগাটে এক্সযোগে এটা দীঘলীয়া প’ষ্টৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰ, প্ৰশাসন যন্ত্ৰক তীব্ৰ সমালোচনা কৰে।

তেওঁ লিখিছে, ‘ৰাজপথত নমা আৰু শাসনাধিষ্ঠ চৰকাৰৰ এগৰাকী বাহুবলী নেতাৰ বিৰুদ্ধে FIR ৰুজু কৰিবলৈ আমি বহু সাহস গোটাবলগীয়া হৈছিল। শাসন আৰু নিজৰ বাহুবলৰ দমৰ জৰিয়তে বৃজভূষণে এই গোচৰ উঠাবলৈ কেইবাগৰাকীও মহিলাক হেচা প্ৰয়োগ কৰিছিল।’

POPULAR

RECENT ARTICLES

spot_img