বিয়াৰ প্ৰলোভনেৰে মহিলাৰ সৈতে কুকৰ্ম অভিষেক পোৰেলৰ; শীঘ্ৰে হ’ব গ্ৰেপ্তাৰ

Published:

বিতৰ্কত নাম সাঙোৰ খাইছে ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এগৰাকী প্ৰতিভাশালী উইকেটকীপাৰ বেটাৰ অভিষেক পোৰেলৰ। এগৰাকী মহিলাই ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভন দি কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এই বিস্ফোৰক অভিযোগৰ পিছতেই ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি কলকাতা উচ্চ ন্যায়ালয়ে তদন্তকাৰী সংস্থাক ক্ৰিকেটাৰগৰাকীৰ ইলেকট্ৰ’নিক সামগ্ৰী জব্দ কৰাৰ লগতে আইনীভাৱে গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া আগবঢ়োৱাৰ নিৰ্দেশ প্ৰদান কৰে।

সম্প্ৰতি এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু অভিযোগ সন্দৰ্ভত অন্তিম সিদ্ধান্ত আদালতে প্ৰদান কৰিব। ক্ৰিকেটাৰগৰাকীয়ে মহিলাগৰাকীৰ সৈতে কেতিয়া কুকৰ্মত লিপ্ত হৈছিল সেই বিষয়ে কোনো ধৰণৰ তথ্য জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, পশ্চিম বংগৰ চন্দন নগৰৰ বাসিন্দা অভিষেক পোৰেলে ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। অভিষেক হৈছে বেগী বলাৰ ঈশান পোৰেলৰ সম্পৰ্কীয় ভাতৃ। অনুৰ্ধ্ব ১৯ত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ ভিত্তিতেই ২০২২ চনত বংগৰ হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটিছিল পোৰেলৰ।

এই পৰ্যন্ত প্ৰথম শ্ৰেণী ক্ৰিকেটৰ ৩২খন মেচত ১৪০৮ ৰান সংগ্ৰহ কৰাৰ লগতে ২২খন লিষ্ট এ মেচত সংগ্ৰহ কৰিছে ৮৩৩ ৰান।

উল্লেখ্য যে, ঘৰুৱা ক্ৰিকেটৰ সমান্তৰালকৈ আই পি এলতো নিজৰ প্ৰতিভা দাঙি ধৰিছে অভিষেক পোৰেলে। ২০২৩ চনত ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা ঋষভ পন্তৰ স্থানত দিল্লী কেপিটেলছে চুক্তিবদ্ধ কৰিছিল অভিষেক পোৰেলক। আই পি এলত অভিষেকে এই পৰ্যন্ত ৩৫ খন মেচ খেলি ৭৬৯ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা আহিছে চাৰিটা অৰ্ধশতক।

POPULAR

RECENT ARTICLES

spot_img