কিয় এৰিলে AAP? হৰভজনে ক’লে বিজেপিত যোগদানৰ কাৰণ

Published:

প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙে আম আদমী পাৰ্টি ত্যাগ কৰা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ কিয় বিজেপিত যোগদান কৰিলে সেই কথা জানিব দি কয়, ‘পঞ্জাৱৰ ক্ৰীড়া আৰু নিচা জাতীয় সমস্যা সন্দৰ্ভত দিয়া তেওঁৰ পৰামৰ্শ AAPয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল।’

সিঙে লগতে কয় যে যিটো উদ্দেশ্য লৈ তেওঁ দলটোত যোগদান কৰিছিল সেয়া পূৰণ নোহোৱা বাবে দল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে যেতিয়া মোক AAPত যোগদান কৰিবলৈ কৈছিল, তেতিয়া ৰাজ্যসভাত কেৱল ক্ৰীড়া বিষয়ক বিষয়বস্তু উত্থাপন কৰাৰ চৰ্ততহে সন্মত হৈছিলো। মই তেতিয়াই স্পষ্ট কৰি দিছিলো যে মই কেৱল খেল সন্দৰ্ভতহে নিজৰ মতামত আগবঢ়াম।’

‘ৰাজনীতিৰ কথা আলোচনা কৰাটো মোৰ কাম নহয়। আপত যোগদানৰ মোৰ একমাত্ৰ কাৰণ কেৱল পঞ্জাৱতে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো ক্ৰীড়াৰ প্ৰচাৰৰ সুযোগ লাভ কৰা’, এই কথাও উল্লেখ কৰে সাংসদ সিঙে।

উল্লেখ্য যে, ২০২২ চনত আপৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল হৰভজন সিং। কিন্তু চলিত বছৰৰ এপ্ৰিল মাহত ৰাঘৱ চাড্ডাসহ আন ছয়গৰাকী সাংসদৰ সৈতে তেওঁ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

হৰভজন সিঙে দাবী কৰে যে, ‘তেওঁ খেলক লৈ নিজৰ বিচাৰধাৰা আৰু আঁচনিসমূহ দলৰ সন্মুখত উত্থাপন কৰাৰ কেইবাবাৰো প্ৰয়াস কৰিছিল, কিন্তু তেওঁৰ কথা দলে গুৰুত্ব প্ৰদান নকৰিলে।’

ক্ৰিকেটাৰৰ পৰা সাংসদ হোৱা হৰভজন সিঙে আগবঢ়োৱা পৰামৰ্শ সমূহক যদি গুৰুত্ব প্ৰদান কৰিলেহেতন তেন্তে তেওঁ আপ ত্যাগ নকৰিলেহেতন বুলিও উল্লেখ কৰে।

POPULAR

RECENT ARTICLES

spot_img