শিলৰ কুৱেৰীত ভয়ংকৰ ঘটনা; ৭ জন শ্ৰমিকৰ কৰুণ মৃত্যু

Published:

বাংগালুৰুৰ এটা শিলৰ কুৱেৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কুৱেৰীটোত কাম কৰি থকা অৱস্থাত পাহাৰৰ এটা বৃহত অংশ খহি পৰাৰ ফলত অতি কমেও সাতগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ধ্বংসস্তুপৰ তলত আৰু বহু কেইগৰাকী শ্ৰমিক এতিয়াও আৱদ্ধ হৈ থকাৰ খবৰ আহিছে।

জানিব পৰা অনুসৰি কুৱেৰীটোৰ ওপৰ অংশত এক্সকেভটৰৰে কাম কৰি থকা সময়তে এটা বৃহত অংশ তলত খহি পৰে। যাৰ ফলত কুৱেৰীটোৰ তলৰ অংশত কাম কৰি থকা শ্ৰমিক কেইজনৰ সৈতে এই কৰুণ ঘটনাটো সংঘটিত হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে আৰম্ভ কৰে উদ্ধাৰ অভিযান। এই ঘটনাটোত মৃত্যু হোৱা শ্ৰমিক কেইজন বিহাৰ আৰু ঝাৰখণ্ডৰ বুলি জানিব পৰা গৈছে। এই শ্ৰমিকসকলে কাৱেৰী কোম্পানীৰ কুৱেৰীত কৰ্মৰত আছিল।

ইফালে এই ঘটনাৰ দুখ প্ৰকাশ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে শিলৰ কুৱেৰীত কৰ্মৰত শ্ৰমিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দায়িত্ব মালিক পক্ষৰ। চৰকাৰী সুৰক্ষা নিয়ম উলংঘা কৰা কুৱেৰী সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

POPULAR

RECENT ARTICLES

spot_img