ভাৰতীয় সংসদৰ স্থায়ী সমিতিৰ সতৰ্কবাণীৰ পিছতে মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে ভাৰত চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ এটা ফেচবুক ভিডিঅ’ হঠাতে আঁতৰোৱাৰ বাবে জুকাৰবাৰ্গক তিনিদিনৰ ভিতৰত ব্যক্তিগতভাৱে ক্ষমা খুজিবলৈ সংসদীয় স্থায়ী সমিতিয়ে দাবী জনাইছিল।
সমিতিয়ে সকীয়নি প্ৰদান কৰি কৈছিল যে যদি ক্ষমা নোখোজে তেন্তে কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হ’ব পাৰে। ইয়াৰ পিছতে জুকাৰবাৰ্গে নিজৰ ভুল স্বীকাৰ কৰি ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছে।
জুকাৰবাৰ্গে স্বীকাৰ কৰিছিল যে কিছুমান বিশেষ ধৰণৰ বিষয়বস্তুৰ প্ৰচাৰৰ বাবে যথেষ্ট পৰিমাণৰ ধন দিয়া হৈছিল। তেওঁ ক্ষমা বিচাৰি ভুলৰ বাবে দুখ প্ৰকাশ কৰে। মাৰ্ক জুকাৰবাৰ্গে শিশু যৌন নিৰ্যাতন সামগ্ৰী (CSAM) কন্টেন্ট, ডিপফেক কন্টেন্ট, আৰু প্লেটফৰ্মৰ পৰিচালনাত কৰা ভুলৰ বাবে ক্ষমা বিচাৰিছিল।


