সৰ্বোচ্চ ন্যায়ালয়ত অভব্য আচৰণ কৰা দুজন আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ

Published:

উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত আদালতৰ কাম-কাজ ব্যাহত কৰাৰ অপৰাধত দুগৰাকী আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ছাত্ৰ দুজনৰ বিৰুদ্ধে আদালতৰ কাম-কাজত ব্যাঘাত জন্মোৱা, অশ্লীল আচৰণ কৰা আৰু নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ অভিযোগ। বৰ্তমান দুয়োজন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে, আৰু তদন্ত অব্যাহত আছে।

দুয়োজন অভিযুক্ত উত্তৰ প্ৰদেশৰ বাসিন্দা

আৰক্ষীৰ তথ্য অনুসৰি ধৃত অভিযুক্ত দুজনৰ নাম প্ৰবাল প্ৰতাপ সিং আৰু চন্দৰ ভান। দুয়োজনেই উত্তৰ প্ৰদেশৰ বাসিন্দা আৰু আইনৰ ছাত্ৰ।

দিল্লী আৰক্ষীৰ মতে, ১০ জুলাইত উচ্চতম ন্যায়ালয়ৰ ১৩ নং আদালতত এটা গোচৰৰ শুনানিৰ সময়ত প্ৰবাল প্ৰতাপ সিঙে নিজকে আবেদনকাৰী বুলি কৈছিল। সেই সময়ত তেওঁ আদালতত গালি-গালাজ, কাগজ-পত্ৰ নিক্ষেপ কৰাৰ লগতে ন্যায়িক কাৰ্য্যবিধি ব্যাহত কৰাৰ অভিযোগ উত্থাপন হৈছে।

ছাত্ৰজনক এই কাৰ্যত বাধা দিবলৈ যোৱা কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ সৈতেও বাক বিতণ্ডাত লিপ্ত হয়। ইয়াৰ পিছতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্ত দুজনৰ পৰা আপত্তিজনক শব্দ থকা কিছু কাগজো উদ্ধাৰ কৰে। আৰক্ষীয়ে এতিয়া এই কাগজসমূহৰ উদ্দেশ্য আৰু এই ঘটনাৰ আঁৰত বৃহত্তৰ ষড়যন্ত্ৰ বা পৰিকল্পনা আছিল নেকি তাৰ তদন্ত আৰম্ভ কৰিছে।

এই বিষয়ত দিল্লীৰ তিলক মাৰ্গ থানাত এফআইআৰ ৰুজু হৈছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৩২, ২২১, ২২৪, ৩(৫) ধাৰা, আৰু অন্যান্য প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰিছে। দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰি দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁলোকক সোধা-পোছা কৰা হৈছে, আৰু ইয়াৰ বিশদ তদন্ত চলি আছে।

POPULAR

RECENT ARTICLES

spot_img