এটাৰ পিছত আন এটা মোক্ষম আঘাতৰ সন্মুখীন হৈ আছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতাৰ সংগ এৰিছে এজনৰ পিছত আন এজন শীৰ্ষ নেতাই। বুধবাৰে মমতাৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মদন মিত্ৰই মমতাৰ সংগ এৰাৰ এদিন পিছত অৰ্থাত বৃহস্পতিবাৰে ৰাজ্যসভাৰ সদস্যৰ পৰা পদত্যাগ কৰে কোয়েল মল্লিকে।
চলিত বছৰৰে এপ্ৰিল মাহত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা নেত্ৰীগৰাকীয়ে আজি ৰাজ্যসভাৰ অধ্যক্ষক সাক্ষাত কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া তৃণমূলৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ চিপি ৰাধাকৃষ্ণণক সাক্ষাত কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে।
কোয়েল মল্লিকৰ পদত্যাগৰ পিছতে ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ সাংসদ ৯ গৰাকীলৈ হ্ৰাস পায়। ইয়াৰ পূৰ্বেও সুস্মিতা দেৱকে ধৰি ৰাজ্যসভাৰ কেইবাগৰাকীও সাংসদে পদত্যাগ কৰিছিল। ইয়াৰ উপৰি দলটোৰ ২০ গৰাকীৰো অধিক লোকসভাৰ সাংসদে ইতিমধ্যে নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত চামিল হোৱাৰ কথা উল্লেখ কৰিছে।
উল্লেখ্য যে, ১৯৯৮ চনত কংগ্ৰেছ দলৰ পৰা আঁতৰি আহি মমতা বেনাৰ্জীয়ে গঠন কৰিছিল তৃণমূল কংগ্ৰেছ। এই দল গঠনৰ প্ৰায় তিনি দশকৰ পিছত মমতাৰ দলটোৰ বাবে এয়া বৃহৎ ক্ষতি বুলি অভিহিত কৰা হৈছে।


