ভোটাৰ তালিকাত নাম নাথাকিলে বাতিল নহয় নাগৰিকত্ব : সৰ্বোচ্চ ন্যায়ালয়

Published:

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পিছত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা মানেই নাগৰিকত্ব বাতিল হোৱা নুবুজায়। শুকুৰবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰি স্পষ্ট কৰি দিয়ে যে ইয়াৰ বাবে আছে অন্য প্ৰক্ৰিয়া।

পশ্চিম বংগৰ SIR সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ সাংবিধানিক অধিকাৰ নিৰ্বাচন আয়োগৰ নাই। ন্যায়ালয়ে লগতে কয় যে নিৰ্বাচন আয়োগৰ কেৱল ভোটাৰ তালিকাৰ ওপৰত নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ হে অধিকাৰ আছে।

আদালতে উল্লেখ কৰে যে যদি কোনো ন্যায়াধিকৰণে কোনো ব্যক্তিৰ নাম SIR তালিকাত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত লয় তেন্তে নিৰ্বাচন আয়োগে নাগৰিকত্ব নিৰ্ণয়ৰ বাবে বিষয়টো সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নহ’লে নিজে নিজেই নাগৰিকত্ব বাতিল নহয়।

এই আবেদনত পশ্চিম বংগ এছ আই আৰৰ বিধানসভা সমষ্টিৰ ভিত্তিত তথ্য বিচৰা হৈছে। পৰৱৰ্তী সময়ত ২৫ আগষ্টত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে পূৰ্বেই স্পষ্ট কৰি দিছিল যে নাগৰিকত্ব নিৰ্ণয় কৰাটো নিৰ্বাচন আয়োগৰ কাম নহয়। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এছ আই আৰ আৰু ভোটাৰ তালিকাৰ নাগৰিকত্বৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

POPULAR

RECENT ARTICLES

spot_img