১৯ জুলাইত ইউক্ৰেইনৰ ওডেছা বন্দৰৰ পৰা ৰাওনা হোৱা বাণিজ্যিক জাহাজ এম ভি গোল্ডেন লিঅ’ত সংঘটিত হোৱা মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে। ৰাছিয়াৰ তৰফৰ পৰা চলোৱা এই আক্ৰমণত জাহাজত থকা চাৰিজন ভাৰতীয় নাৱিক নিহত হয়।
এই ঘটনাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিল্লীস্থিত ৰাছিয়াৰ কূটনীতিবিদজনক তলৱ কৰি স্পষ্টভাৱে জনাই দিয়ে যে নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা আৰু বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়।
২১ জুলাইত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত ৰাছিয়াৰ চাৰ্জ ডি এফেয়াৰ্ছ (চিডিএ) ভ্লাডিমিৰ লাডানভক তলৱ কৰে। বৈঠকৰ সময়ত ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰি এই আক্ৰমণক তীব্ৰ গৰিহণা দি এনে আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ নিৰাপত্তা আৰু স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰে বুলি স্পষ্টভাৱে জনায় দিয়ে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ এই বাৰ্তা মস্কোত থকা শীৰ্ষ কৰ্তৃপক্ষৰ আগত প্ৰকাশ কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে ভাৰতীয় বাণিজ্যিক বাহনৰ ওপৰত সংঘটিত কৰা আক্ৰমণৰ পিছতেই ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃ্তিৰ জৰিয়তে ৪ গৰাকী ভাৰতীয় নাবিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা জনাইছিল।


