প্ৰতিবাদকাৰীৰ ওচৰত সেও মানি অৱশেষত পদত্যাগ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Published:

পদত্যাগ পত্ৰ প্ৰদান কৰিলে দেশৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। নীট প্ৰশ্নকাকত ফাদিলৰ পিছতেই দেশজুৰি তথা দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ মাজতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰাৰ লগতে পদত্যাগ কৰাৰ কাৰণো উল্লেখ কৰে।

শিক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে যে বিগত ১০ দিনত ঘটনা-পৰিঘটনাসমূহ দেখি মই অত্যন্ত দুখী হৈছো। এইটো মোৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠাৰ বিষয় নহয়। ভাৰতৰ যুৱ শক্তিয়েই হৈছে এই দেশৰ প্ৰধান শক্তি। দেশৰ যুৱ শক্তিক কুচক্ৰত পৰিবলৈ দিয়া নহ’ব। এয়াই মোৰ সংকল্প।

ইফালে দেশৰ শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ খবৰৰ পিছতেই উলাহৰ ঢল বৈছে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত। প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে নাচি-বাগি আনন্দত মতলীয়া হৈ পৰাও দেখা যায়।

এই খবৰৰ পিছতেই অভিজীত দীপকেই প্ৰতিবাদকাৰীসকল সম্বোধন কৰি কয় যে সাধাৰণ লোকে কয় যে- এই চৰকাৰৰ দিনত পদত্যাগ নহয়। কিন্তু পদত্যাগ হ’ল।

POPULAR

RECENT ARTICLES

spot_img