CAAৰ পৰা কৃষক আন্দোলনলৈ… মোদী চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকাল আৰু প্ৰথমটো পদত্যাগ

Published:

২০১৪ৰ পৰা ২০২৬। অৰ্থাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকাল। বিজেপি চৰকাৰৰ এই ১২ বছৰীয়া কাৰ্যকালৰ বিশেষ খবৰটো এয়াই যে প্ৰথমবাৰৰ বাবে কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিবাদৰ হেঁচাত নিজৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হ’ল। পদত্যাগ কৰা মন্ত্ৰীগৰাকী হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। শিক্ষামন্ত্ৰীগৰাকীৰ এই পদত্যাগ বিজেপি চৰকাৰৰ বাবে এক বৃহৎ ৰাজনৈতিক পৰিঘটনা হিচাপে গণ্য কৰা হৈছে।

স্মৰ্তব্য যে বিগত এমাহৰো অধিক কাল সময় দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ্ছ জনতা পাৰ্টী (চিজেপি)ৰ নেতৃত্বত হাজাৰ-হাজাৰ শিক্ষাৰ্থী তথা যুৱক-যুৱতীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।

১২ বছৰীয়া কাৰ্যকালত প্ৰথমটো পদত্য়াগ

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত দেশত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি দেশজুৰি হৈছিল কেইবাটাও প্ৰতিবাদ। ব্যাপক হাৰত চৰকাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পিছতো কিন্তু কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিবাদৰ হেঁচাত নিজৰ পদৰ পৰা পদত্যাগ কৰা নাছিল। ইয়াৰ মাজতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ মোদী চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকালত প্ৰথমটো পদত্য়াগ হিচাপে গণ্য কৰা হৈছে।

এমাহ ধৰি যন্তৰ মন্তৰত চলি আছিল প্ৰতিবাদ

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিগত এমাহ ধৰি দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ্ছ জনতা পাৰ্টীৰ সমৰ্থকসকলে নিৰৱচ্ছিন্নভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছিল। শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, সঘনাই প্ৰশ্নকাকত ফাদিলকে ধৰি আন বহুতো বিষয়ক লৈ প্ৰতিবাদত বহিছিল শিক্ষাৰ্থীৰ লগতে যুৱ সমাজ। এই প্ৰতিবাদৰ সময়ত কেইবাবাৰো আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হোৱাও পৰিলক্ষিত হৈছিল।

CAA আন্দোলনৰ সময়তো নতশিৰ হোৱা নাছিল চৰকাৰ

ইয়াৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও দেশজুৰি হৈছিল ভয়ংকৰ প্ৰতিবাদ। দিল্লীৰ শ্বাহীন বাগকে ধৰি অসম তথা দেশৰ কেইবাখনো ৰাজ্যত মাহৰ পিছত মাহ ধৰি এই আইনখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হৈছিল। কেৱল প্ৰতিবাদেই নহয় অসমত পাঁচগৰাকী প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত মৃত্যু হোৱাৰ পিছতো এই আইন প্ৰত্যাহাৰ কৰা নাছিল তথা কোনো মন্ত্ৰীয়ে পদত্যাগো কৰা নাছিল।

কৃষক আন্দোলনৰ সময়তো হোৱা নাছিল পদত্যাগ

কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ লাখ-লাখ কৃষকে সাব্যস্ত কৰা আন্দোলনো আছিল দেশৰ দীৰ্ঘকালীন প্ৰতিবাদৰ অন্যতম। প্ৰায় এবছৰ ধৰি অসংখ্য কৃষকে দিল্লীৰ সীমান্তত অব্যাহত ৰাখিছিল প্ৰতিবাদ। অৱশ্যে কৃষকৰ ধাৰাবাহিক আন্দোলনত নতশিৰ হৈ কেন্দ্ৰীয় চৰকাৰে অৱশেষত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল তিনিওখন আইন। কিন্তু সেই সময়তো কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা নাছিল পদত্যাগ।

এইবাৰ পৰীক্ষা সংস্কাৰ সন্দৰ্ভত বিশেষ পদক্ষেপৰ বাবে সাজু কেন্দ্ৰ

নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি সোমবাৰে কেন্দ্ৰীয় চৰকাৰে সদনত লোক পৰীক্ষা (অন্যায়ৰ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ উত্থাপনৰ সম্ভাৱনা আছে। ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা।

POPULAR

RECENT ARTICLES

spot_img