পৰীক্ষা সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা

Published:

নীট পৰীক্ষাৰ লগতে সমগ্ৰ দেশৰ আন কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়া উন্নত কৰাৰ স্বাৰ্থত ধাৰাবাহিকভাৱে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ অংশ স্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ঘোষণা কৰে যে নেশ্যনেল টেষ্টিং এজেন্সিৰ পৰীক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠন কৰিছে।

ডমেইন বিশেষজ্ঞৰ এই মাল্টিডিচিপ্লীনেৰি গোটটোৱে বিশেষকৈ কাৰিকৰী দৃষ্টিকোণৰ পৰা পৰীক্ষা ব্যৱস্থা আৰু গাঁথনিগত সংস্কাৰৰ বাবে পৰামৰ্শ আগবঢ়াব।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই টাস্ক ফ’ৰ্চে পৰীক্ষা সংস্কাৰৰ ওপৰত গুৰুত্ব দিব, আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত আগন্তুক পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চত কোন কোন বিশেষজ্ঞক অন্তৰ্ভুক্ত কৰা হৈছে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা অনুসৰি, বিশ্ববিখ্যাত প্ৰযুক্তি বিশেষজ্ঞ নন্দন নিলেকানীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এটা উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠন কৰিছে। ইয়াৰ উপৰিও বহুবিষয়ক ডমেইন বিশেষজ্ঞ গোটত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, আই আই টি মাদ্ৰাছৰ সঞ্চালক ভি কামাকোটি, প্ৰাক্তন শিক্ষা সম্পাদিকা অনিতা কাৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনাক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰা এটা ভিডিঅ’ বাৰ্তাত কয়, ‘যিসকল লোকে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিছে তেওঁলোক এতিয়া জেইলত। ইতিমধ্যে আমি ফাষ্ট ট্ৰেক আদালত গঠন কৰিছো। এই সন্দৰ্ভত সদনত নতুন আইন অনাৰো প্ৰচেষ্টা অব্যাহত ৰাখিছো।’

তেওঁ লগতে আৰু কয়, ‘অৱশ্যে ভৱিষ্যতলৈও আমি চাব লাগিব। আমাৰ পৰীক্ষা ব্যৱস্থা নিৰ্ভৰযোগ্য, স্বচ্ছ, আৰু প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰ কৰিব লাগিব। এই সকলো কথা মনত ৰাখি আমি বিশ্ববিখ্যাত প্ৰযুক্তি বিশেষজ্ঞ নন্দন নিলেকানীৰ নেতৃত্বত এক উচ্চ শক্তিসম্পন্ন টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লৈছো।’

POPULAR

RECENT ARTICLES

spot_img