বান বিধ্বস্ত অসমক সহায় কৰিবলৈ আগবাঢ়ি আহিল পশ্চিম বংগ চৰকাৰ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ কোটি টকাৰ অৰ্থসাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
বানৰ ফলত অসমৰ পৰিস্থিতি অতি ভয়ানক বুলি মন্তব্য কৰি তেওঁ কয় যে আন ৰাজ্যসমূহৰ দৰে পশ্চিম বংগও এই বিপদৰ সময়ত চুবুৰীয়া ৰাজ্যখনৰ লগত আছে।
তেওঁ কয়, ‘মণিপুৰ, ছত্তীশগড়ৰ দৰে কেইবাখনো ৰাজ্যই অসমলৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। লগতে আমি অসমলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিম’।
পশ্চিম বংগ চৰকাৰৰ দৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সায় চৰকাৰেও অসমক সহায়ৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। ছত্তীশগড়ৰ তৰফৰ পৰাও অসমৰ বান বিধ্বস্ত লোকৰ সহায়ৰ বাবে ৫ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে।
উল্লেখ্য যে, বিগত ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা জলপ্ৰলয়ত বিস্তৰ ক্ষতিসাধন হৈছে উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, নাজিৰাৰ লগতে যোৰহাটৰ বিভিন্ন অঞ্চল। এই প্ৰলয়ংকাৰী বানত এইপৰ্যন্ত ১০০ৰো অধিক লোকে হেৰুৱাইছে প্ৰাণ।


