ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে নতুন দিল্লীলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। ইৰাণৰ উচ্চস্তৰীয় সূত্ৰৰ উদ্ধৃতিৰে সংবাদ সংস্থা এ এন আইয়ে ১৪ আগষ্টত এই প্ৰতিবেদন প্ৰকাশ কৰিছে।
ভাৰতৰ অধ্যক্ষতাত ১৮ সংখ্যক ২০২৬ ব্ৰিকছ সন্মিলনখন ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব। আমেৰিকা আৰু ইৰাণৰ মাজত বিগত ৫ মাহৰো অধিক সময় ধৰি চলি থকা যুদ্ধৰ মাজতে পেজেস্কিয়ানৰ এই ভাৰত ভ্ৰমণ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
এইবাৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু স্থায়িত্বৰ বাবে নিৰ্মাণ। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখনে মানৱকেন্দ্ৰিক আৰু বৈশ্বিক কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৪ চনত ৰাছিয়াৰ কাজান চহৰত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত পেজেস্কিয়ান আৰু নৰেন্দ্ৰ মোদীৰ মাজত অনুষ্ঠিত হৈছিল এখন বিশেষ বৈঠক।


