পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ এখন ব্যক্তিগত হোটেলত ব্যাপক অগ্নিকাণ্ডত ৮জন লোকৰ কৰুণ মৃত্যু ঘটিছে। ঘটনা অগ্নিদগ্ধ প্ৰায় ১০ জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কৰুণ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে। বীৰভূমৰ আৰক্ষী অধীক্ষক বিদিত ৰাজ ভুণ্ডেশে জনোৱা মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটো যেতিয়া সেই স্থানত উপস্থিত হয় তেতিয়া বাহিৰৰ পৰা ধোঁৱা বা জুইৰ কোনো শিখা দেখা পোৱা নাছিল।
আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে জখলাৰ সহায়ত ২২ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে আন ১১ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।
প্ৰথম অৱস্থাত মৃতকৰ সংখ্যা ৭ জন বুলি জানিব পৰা গৈছিল যদিও পিছত আঠজনলৈ বৃদ্ধি পায়। এফ এছ এলৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি অগ্নিকাণ্ডৰ কাৰণ নিৰ্ণয় কৰিব। হোটেল পৰিচালকসকলক আটক কৰি ৰখা হৈছে, তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে, আৰু তেওঁলোকক জেৰা চলি আছে। এই কথা জানিব দিয়ে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ ওপৰত এটা পোষ্টত লিখিছে, ‘পশ্চিমবংগৰ বীৰভূমত হোৱা অগ্নিকাণ্ডৰ শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাৰ খবৰ পাই মই গভীৰ শোক প্ৰকাশ কৰিছো। আপোনজনক হেৰুওৱা প্ৰতিজনলৈ সমবেদনা জ্ঞাপন কৰিছে। আহতসকল শীঘ্ৰে আৰোগ্য লাভ কৰক। ক্ষতিগ্ৰস্তসকলক স্থানীয় প্ৰশাসনে সহায় আগবঢ়াইছে।
ইয়াৰ উপৰি মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে।


